গোলাঘাট, ১৫ জুলাই : গোলাঘাট জিলাত ক’ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি জিলাখনত পূৰ্বৰ দৰেই ২৪ ঘণ্টাই সান্ধ্য আইন অব্যাহত থাকিব ।
গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব । সকলো ধৰ্মীয় অনুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়/প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, ধাবা আৰু খাদ্য বিপনী, বিক্ৰী কেন্দ্ৰ, শ্ব’ ৰুম, মল আদি বন্ধ থাকিব । শীতল ভঁৰালসমূহ কেৱল মেৰামতিৰ কামত দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব । ই-কমাৰ্চৰ গুদামসমূহ দিনৰ ৩বজালৈকে খুলিব পাৰিব । গেলামালৰ পাইকাৰী দোকান আৰু গুদামসমূহ দিনৰ ২বজালৈকে খুলিব পাৰিব । ফাৰ্মাচী আৰু গাখীৰ বিক্ৰী কেন্দ্ৰসমূহ ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব । এই নিৰ্দেশ ১৬ জুলাই পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’ব ।