Home অন্যান্য খবৰপথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

by News Desk
62 views
A+A-
Reset

গোলাঘাট, ৬ আগষ্ট : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত মুন গগৈ আৰু জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিৰ লগতে পৰিবহন বিভাগ আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

সভাত পথ সুৰক্ষাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । তাৰ ভিতৰত পথ সুৰক্ষাৰ পৰিসংখ্যা আৰু কাৰণসমূহ, পথ সুৰক্ষা বাহিনীৰ পুনৰুজ্জীৱিতকৰণ, অত্যধিক বোজা কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান, দিশ নিৰ্দেশনা সূচকসমূহ সঠিকভাৱে সংস্থাপন কৰা, পথ সুৰক্ষাৰ পুঁজিৰ ব্যৱহাৰ, নৌ হেলমেট নৌ পেট্ৰল নীতিৰ কাৰ্যকৰীকৰণ আদি অন্যতম । বৈঠকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আগবঢ়োৱা নীতি-নিৰ্দেশনা আদিৰ বিষয়েও আলোচনা কৰা হয় । জিলা উপায়ুক্তগৰাকীয়ে দুৰ্ঘটনাপ্ৰৱন এলেকাসমূহলৈ গৈ দুৰ্ঘটনাৰ কাৰণসমূহ পুনৰ অধ্যয়ন কৰিবলৈ পৰিবহন বিষয়াগৰাকীক নিৰ্দেশ দিয়ে । লগতে পথ সুৰক্ষা পুঁজিৰ ধনেৰে দুৰ্ঘটনাত পতিত হোৱা অথবা অন্য জৰুৰী অৱস্থাৰ ৰোগীক কঢ়িয়াবৰ বাবে ষ্ট্ৰেছাৰ প্ৰদান কৰা, দিশ নিৰ্দেশনা সূচক সংস্থাপন কৰা আৰু কমাৰগাঁও, বোকাখাত আৰু ৰঙাজানৰ দৰে স্পৰ্শকাতৰ এলেকাত বেৰিকেড স্থাপনৰ কামত ব্যৱহাৰ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0