গোলাঘাট, ১৩ জুলাই : গোলাঘাট জিলাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে । জিলাখনত ক’ভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই মদ আৰু সুৰা বিক্ৰী কৰা ঠাইসমূহ যাতে ক’ভিড সংক্ৰমণৰ স্থলীলৈ পৰিণত নহয়, তাৰ বাবে ব্যাপক অভিযান চলাবলৈ মুখ্যমন্ত্ৰীৰ লগতে অভিভাৱক মন্ত্ৰীৰ হৈ জিলাখনলৈ অহা উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীয়ে নিৰ্দেশ দিছিল ।
এই নিৰ্দেশৰ পাছতেই আবকাৰী বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান তীব্রতৰ কৰি তুলিছে । জিলাখনৰ ভিন ভিন ঠাইত যোৱা তিনিটা দিনত গোলাঘাট জিলাৰ আবকাৰী অধীক্ষক শ্ৰীযুত সঞ্জীৱ শইকীয়াৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে ।