গোলাঘাট জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান

Home অন্যান্য খবৰগোলাঘাট জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান

গোলাঘাট জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান

by News Desk
88 views
A+A-
Reset

গোলাঘাট, ১৯ জুলাই : গোলাঘাট জিলাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে । জিলাখনত ক’ভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই মদ আৰু সুৰা বিক্ৰী কৰা ঠাইসমূহ যাতে এই ৰোগৰ সংক্ৰমণৰ স্থলীলৈ পৰিণত নহয়, তাৰ বাবে ব্যাপক অভিযান চলাবলৈ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত বিভাগে অভিযান তীব্রতৰ কৰি তুলিছে । জিলাখনৰ ভিন ভিন ঠাইত যোৱা এসপ্তাহত গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয় ।

যোৱা সপ্তাহটোত গোলাঘাট আবকাৰী বিভাগে চলোৱা ২৯টা অভিযানত ৫৪টা এনে ঘটনা পোহৰলৈ আহে । ঘটনা সংক্ৰান্তত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হয় । অভিযানকাৰী দলে এই অভিযানকালত ৪৬৫ লিটাৰ চুলাই মদ, চুলাই মদ প্ৰস্তুত কৰা পাছ ১৪,৫৮০লিটাৰ, ২৭টা চুলাই মদ প্ৰস্তুত কৰা সঁজুলি, বিদেশী সুৰা ৫১.৮০০লিটাৰ, দেশীয় সুৰা ৩০.৩০০লিটাৰ, লালিগুড় ৮৫ কিলোগ্ৰাম আৰু পাচোৱাই ৭৪ কিলোগ্ৰাম জব্দ কৰে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0