গোলাঘাট, ১৭ জুলাই : ‘ যিমানেই পঢ়িবা, সিমানেই শিকিবা ‘ এই মূলমন্ত্ৰকে সাৰোগত কৰি উঠি অহা প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ এক আলোড়ন সৃষ্টিৰ লক্ষ্যৰে গোলাঘাটৰ ‘দ্য ইকুইনক্স ‘ নামৰ যুৱ সংগঠনটোৱে অনুষ্ঠিত কৰিবলৈ লৈছে এখনি অনলাইন গ্ৰন্থ সমালোচনা প্ৰতিযোগিতা।
”গ্ৰন্থাৰোহণ ১.০’ শীৰ্ষক এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। গ্ৰন্থ সমালোচনাৰ বাবে নিৰ্দ্ধাৰিত কিতাপখন হৈছে ড০ ৰুবুল মাউত ৰচিত ‘ মোৰো এটা সপোন আছে ‘ । অংশগ্ৰহণকাৰী সকলে ১০০০ ৰ পৰা ১৫০০ শব্দৰ ভিতৰত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত লেখাসমূহ প্ৰেৰণ কৰিব পাৰিব আৰু ইয়াৰ বাবে অনলাইন পঞ্জীয়ন কৰাব লাগিব।