Home অন্যান্য খবৰসম্পূৰ্ণ গোলাঘাট জিলা বন্ধ ঘোষণা

সম্পূৰ্ণ গোলাঘাট জিলা বন্ধ ঘোষণা

by News Desk
83 views
A+A-
Reset

NEWS NEXT ONE – ৰাজ্য চৰকাৰে ক’ভিড 19 মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি গোলাঘাট জিলাত অব্যাহত থকা সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’নৰ নিষেধাজ্ঞা বাহাল ৰখাৰ নিৰ্দেশ দিছে । সমগ্ৰ গোলাঘাট জিলাখনেই ২০ জুলাইৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পূৰ্বৰ দৰেই সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন হৈ থাকিব । সেই অনুসৰি –

1) ২০ জুলাইৰ পুৱা ৫ বজাৰ পৰা জিলাখনৰ সকলো ঠাইতে ২৪ ঘণ্টাই সান্ধ্য আইন বলৱৎ হৈ থাকিব ।
2) গেলামালৰ দোকান, ফলমূল আৰু শাক-পাচলিৰ দোকান, দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীকেন্দ্র আৰু পশুখাদ্যৰ বিক্ৰীকেন্দ্ৰ বিয়লি ৫ বজালৈকে খোলা ৰাখিব পাৰিব যদিও অন্য সকলো দোকান তথা ব্যৱসায় প্ৰতিষ্ঠান সম্পূর্ণৰূপে বন্ধ থাকিব ।
3) জৰুৰীকালীন বিভাগসমূহৰ বাহিৰে আন সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্য্যালয় তথা প্ৰতিষ্ঠানৰ কাম-কাজ সম্পূর্ণৰূপে বন্ধ থাকিব ।
4) ধাবা, হোটেল, ৰিজ’ৰ্ট, ৰেষ্টুৰেণ্ট আৰু আন সকলো খাদ্য বিপনী বন্ধ থাকিব ।
5) শীতল ভঁৰাল আৰু গুদামসমূহৰ বিক্ৰী কাউণ্টাৰ আৰু শ্ব’ৰূম বন্ধ ৰাখিব লাগিব ।
6) অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা, বিধি বলৱৎকাৰী সেৱা আৰু নিৰ্বাচনৰ সৈতে জড়িত কাম-কাজসমূহ অব্যাহত থাকিব।
7) জিলাখনত ৰাজহুৱা তথা ব্যক্তিগত বাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ থাকিব । কেৱল সামগ্ৰী পৰিবাহী যানবাহনৰ চলাচল অব্যাহত থাকিব ।
8) জিলাখনত এই সময়ছোৱাত বিয়া, অভ্যৰ্থনা, কোনোধৰণৰ সভা তথা সমাবেশ অনুষ্ঠিত কৰিব নোৱাৰিব।
9) ধৰ্মীয় স্থানসমূহ ভক্তৰ বাবে সম্পূর্ণৰূপে বন্ধ থাকিব ।
10) অন্ত্যেষ্টিক্ৰিয়াত ১০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ।
11) ই-কমাৰ্চ ব্যৱস্থাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত থাকিব ।
12) ফাৰ্মাচী আৰু চিকিৎসালয়, পশুৰ যতন কেন্দ্ৰ আৰু পশু চিকিৎসালয় খোলা থাকিব ।
13) ঔদ্যোগিক গোট আৰু চাহ বাগিচাৰ কাম-কাজসমূহ ক’ভিডৰ নীতি-নিৰ্দেশনা মানি অব্যাহত ৰাখিব পাৰিব ।
14) ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ ঘৰতে উদযাপন কৰিব লাগিব । মছজিদত ধৰ্মীয় মুৰব্বীজনকে ধৰি ৫ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ।
15) আবকাৰী বিভাগে ক’ভিড প্ৰতিৰোধী ব্যৱস্থা হিচাপে অবৈধ সুৰাৰ উৎপাদন আৰু বিক্ৰীৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিব লাগিব ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0