গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্তৰ কভিড পৰিস্থতিৰ পৰ্য্যলোচনা

Home অন্যান্য খবৰগোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্তৰ কভিড পৰিস্থতিৰ পৰ্য্যলোচনা

গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্তৰ কভিড পৰিস্থতিৰ পৰ্য্যলোচনা

by News Desk
61 views
A+A-
Reset

গোলাঘাটঃ  ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱা নিশা গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণৰ পাছতে তেওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে। 

তেওঁ জিলাখনৰ চাহ বাগিচাসমূহত ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে এনে অঞ্চলসমূহত জনসংখ্যাৰ ভিত্তিত পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বহু লোকে জ্বৰ আদিত ভুগি হৈ থাকে যদিও পৰীক্ষা নকৰাৰ ফলত ৰোগ সংক্ৰমণৰ বাহক হৈ পৰে। এনেস্থলত আগতীয়াকৈ চিনাক্ত কৰাটো অত্যন্ত প্ৰয়োজনীয়। তেওঁ দৈনিক পৰীক্ষাৰ সংখ্যা বৰ্তমানৰ ৩,৫০০ ৰ লক্ষ্যৰ পৰিৱৰ্তে ৪,০০০লৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । তদুপৰি চাহ বাগিচা আৰু গ্ৰামাঞ্চলসমূহ নিয়মীয়াকৈ বীজানুমুক্তকৰণৰ বাবেও বাগিচা কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি চক্ৰ বিষয়াসকলক দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । শ্ৰী সিঙে বৰ্তমানৰ সংকটক এটা চিকিৎসাজনিত পৰিস্থিতি বুলি ধৰি নলৈ এটা দুৰ্যোগপূৰ্ণ পৰিস্থিতি হিচাপে গ্ৰহণ কৰি প্ৰতিটো বিভাগক সক্ৰিয়ভাৱে তৃণমূল পৰ্যায়ৰপৰা কাম কৰিবলৈ আহ্বান জনায় । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0