গোলাঘাটঃ কংগ্ৰেছ, বিজেপিৰ দুয়োটা দলেই অব্যাহত ৰাখিছে নিজৰ শক্তি প্ৰদৰ্শনত৷ শনিবাৰে খুমটাই বিধান সভাৰ অন্তৰ্গত উত্তৰ দক্ষিণহেঙেৰা মণ্ডল কংগ্ৰেছৰ সভাপতি প্ৰণৱ ফুকনৰ সভাপতিত্বত এখনি নিৰ্বাচনী সভা অনুস্থিত হয়। 

এই সভাত নিৰ্বাচনৰ বিভিন্ন দিশ আলোচনা হয় আৰু উত্তৰ দক্ষিণহেঙেৰা পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ সদস্য আৰু ৱাৰ্ডৰ সদস্যক বিজয়ী কৰাবলৈ এখন আঠজনীয়া সমন্বয়ৰক্ষী সমিতি গঠন কৰে। 

এই সভাত উত্তৰ দক্ষিণহেঙেৰা ভাৰতীয় জনতা পাৰ্টীৰ চুকোৰ আলিসহ কেইবাজনো কৰ্মীয়ে জাতীয় কংগ্ৰেছত যোগদান কৰে। সভাত প্ৰদেশ যুৱ কংগ্ৰেছৰ সাম্পাদিকাৰ লগতে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।