গোলাঘাট, ১০ আগষ্ট : ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হোৱা স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশৰূপে আজি গোলাঘাটতো লোক নিৰ্মাণ(পথ) বিভাগৰ পৰিদৰ্শন ভৱনৰ সভাকক্ষত ‘গ্ৰামীণ যোগাযোগ ব্যৱস্থাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ভূমিকা’ শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় ।
জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাচক্ৰত গোলাঘাট, খুমটাই, বোকাখাত আৰু সৰুপথাৰ সংমণ্ডলৰ অভিযন্তা আৰু বিষয়াসকলে গ্ৰাম্য এলেকাৰ উন্নীতকৰণত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ভূমিকা, এই যোজনাৰ সফলতা, জিলাখনৰ গ্ৰাম্য পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পি এম জি এছ ৱাই-৩ ৰূপায়ন সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷