উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ গোলাঘাট জিলাৰ ক’ভিড পৰিস্থিতিৰ...

Home অন্যান্য খবৰউদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ গোলাঘাট জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ গোলাঘাট জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা

by News Desk
57 views
A+A-
Reset

গোলাঘাট, ৯ জুলাই : ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য, পৰিবহন আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীয়ে আজি গোলাঘাট জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ অহা মন্ত্ৰীগৰাকীয়ে কৃষি মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক শ্ৰীযুত অতুল বৰা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনৰ উপস্থিতিত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া তথা চিকিৎসকসকলৰ সৈতে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হয় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চৰকাৰী আৰু ব্যক্তিগত ৩খন চিকিৎসালয়ত চিকিৎসাধীন ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বিষয়ে সংশ্লিষ্ট চিকিৎসালয়সমূহৰ মুৰব্বী তথা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ পৰা সবিশেষ বুজ লয় । তেওঁ জিলাখনত শিশুৰ মাজত ক’ভিডৰ সংক্ৰমণ হোৱালৈ চাই আক্ৰান্ত শিশুৰ ভালকৈ যতন ল’বলৈ নিৰ্দেশ দিয়ে । শ্ৰী পাটোৱাৰীয়ে জিলাখনত ঔষধ, এম্বুলেন্স আৰু অক্সিজেন পৰ্যাপ্ত পৰিমানে মজুত আছেনে নাই এই বিষয়েও বুজ লয় । তেওঁ জিলাখনৰ ক’ভিড ৰোগীসকলে যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে ১০ খন অতিৰিক্ত এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ কাৰ্ড নথকা দুখীয়া লোকসকলক ৰেমডিছিবিৰ ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । তেওঁ কয় যে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনক সকলো ধৰণে সহায়-সহযোগিতা আগবঢ়াব, জিলা প্ৰশাসনে কেৱল ৰোগীয়ে যাতে সমস্যা নাপায় সেয়া সুনিশ্চিত কৰিব লাগিব । তেওঁ সংক্ৰমণৰ আশংকা থকা বিভিন্ন অঞ্চল পৰ্যাপ্ত পৰিমানে বীজানুমুক্ত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে । তেওঁ প্ৰশাসন আৰু আৰক্ষীক ক’ভিড বিধি কঠোৰভাৱে পালন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।এই ক্ষেত্ৰত ক’ভিডৰ নীতি-নিৰ্দেশনা পালন নকৰা দোকান এসপ্তাহৰ বাবে ছিল কৰি দিবলৈও তেওঁ নিৰ্দেশ দিয়ে । তেওঁ কয় যে সকলোৱে মিলিহে এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যাব । মন্ত্ৰীগৰাকীয়ে লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াক জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি সমগ্ৰ জিলাখনতে ভ্ৰাম্যমান বাহনেৰে মাইকৰ সহায়ত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জিলাখনৰ বানপানী সমস্যাৰো বুজ লয় । বিশেষকৈ ধনশিৰি মহকুমাৰ বিভিন্ন সমস্যা মূলতঃ খৰাং সমস্যাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে । পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ জিলাখনত অব্যাহত থকা ক’ভিডৰ নিষেধাজ্ঞাসমূহ কঠোৰভাৱে পালন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ।

অনুষ্ঠানত কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰাই কয় যে জিলাখনত ক’ভিড নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসন কঠোৰ হ’ব লাগিব । এতিয়া এই যুঁজত জয়ী হ’বলৈ নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ বিকল্প নাই বুলি তেওঁ উল্লেখ কৰে । এইক্ষেত্ৰত ৰাইজ, প্ৰশাসন, আৰক্ষী, চিকিৎসক-স্বাস্থ্যকর্মী কোনেও অৱহেলা কৰা উচিত নহয় বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ আৰক্ষী, প্ৰশাসনক ক’ভিড বিধিসমূহ পালন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । বৈঠকত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0