Home অন্যান্য খবৰঅসম অসামৰিক সেৱাৰ বিষয়া মৃগেশ নাৰায়ণ বৰুৱাৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ

অসম অসামৰিক সেৱাৰ বিষয়া মৃগেশ নাৰায়ণ বৰুৱাৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ

by News Desk
102 views
A+A-
Reset

গোলাঘাট, ১০ জুলাই : ১৯৯৩ চনৰ অসম অসামৰিক সেৱাৰ বিষয়া শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই আজি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ বজালী জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । দায়িত্ব গ্ৰহণ কৰিয়ে নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে আৰু বিদায়ী উপায়ুক্ত শ্ৰীযুত মানৱেন্দ্ৰ প্ৰতাপ সিঙ(ভা: প্ৰ: সে:)ক বিদায় জনাবলৈ উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰে । নৱনিযুক্ত উপায়ুক্তগৰাকীক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । আনহাতে বিদায়ী উপায়ুক্তগৰাকীকো ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয় । বিদায়ী উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাখনৰ প্ৰতি এটা বিশেষ আকৰ্ষণ তেওঁৰ সদায় থাকিব । তেওঁ যি বিভাগত থাকিলেও গোলাঘাটৰ বাবে ভৱিষ্যতে নিজৰ সাধ্যানুসাৰে কাম কৰিব বুলি শ্ৰীসিঙে মন্তব্য কৰে । আনহাতে নৱনিযুক্ত উপায়ুক্ত শ্ৰীবৰুৱাই কয় যে বৰ্তমান সময়ত গোলাঘাট জিলাখনৰ বাবে ভালেখিনি প্ৰত্যাহ্বান আছে । তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী ইজন সিজনৰ পৰিপূৰক বুলি উল্লেখ কৰি “টীম গোলাঘাট”ৰ মানসিকতাৰে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । জিলাখনৰ চুলাই মদৰ ঘাটিসমূহ উচ্ছেদ কৰা, প্ৰতিষেধক প্ৰদান, ক’ভিড আক্ৰান্তৰ হাৰ ৰাজ্যিক গড়তকৈ হ্ৰাস কৰা আদি বিষয়সমূহৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । গোলাঘাটক এটা পুৰণি সংস্কৃতিবান অঞ্চল বুলি উল্লেখ কৰি তেওঁ ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা মানি প্ৰশাসনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ লগতে কয় যে ক’ভিডৰ নীতি-নিৰ্দেশনা পালন নকৰা লোকৰ বিৰুদ্ধে কাইলৈ আৰক্ষী আৰু চি আৰ পি এফৰ উদ্যোগত গোলাঘাটত অভিযান চলোৱা হ’ব । লগতে সান্ধ্য আইন উলংঘা কৰি ঘূৰি ফুৰা লোকক ভ্ৰাম্যমান ক’ভিড পৰীক্ষা কৰা দলে যিকোনো ঠাইতে পৰীক্ষা কৰিব । তেওঁ সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈও আহ্বান জনায় । আজিৰ অনুষ্ঠানতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অলপতে যোগদান কৰা শ্ৰীযুত ধীৰাজ দাস ( অ: অ: সে:)কো এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0