গোলাঘাটঃ গোলাঘাট জিলাত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি সংক্ৰান্তত কালি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় । অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আসন্ন বাৰিষাৰ সময়ছোৱাৰ বাবে সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰী মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে ।
পাইকাৰী আৰু খুচুৰা বিক্রেতাসকলে বিক্ৰী আৰু মিলাৰসকলে তেওঁলোকৰ সামগ্ৰীৰ সম্পূৰ্ণ তথ্য দৈনিক ৰাজহুৱা নকৰিলে কৃত্ৰিম নাটনি তথা বেআইনী ভাৱে মজুত ৰখা বুলি গণ্য কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সভাত সিদ্ধান্ত লোৱা হয় । এইক্ষেত্ৰত চেম্বাৰ্ছ অৱ কমাৰ্চ, গোলাঘাটৰ সম্পাদকে অৱগত কৰায় যে সকলো পাইকাৰী আৰু খুচুৰা বিক্রেতাই নিৰ্ধাৰিত মূল্যসূচীৰ ফলক আঁৰি থ’ব লাগিব । সামগ্ৰীৰ মজুত কম থাকিলে অথবা অভাৱ হ’লে সংশ্লিষ্ট বিষয়াৰ সৈতে যোগাযোগ কৰিব লাগিব । কিন্তু কোনো কাৰণতে ব্যৱসায়ীয়ে অধিক মুনাফা আদায় কৰিব নোৱাৰিব ।