newsnextone । গোলকগঞ্জ:    গোলকগঞ্জৰ হালাকুৰা আৰক্ষী চকীৰ অন্তৰ্গত ছুপাৰ মাৰ্কেটত শুক্রবাৰে নিশা সংঘটিত হল এক মৰ্মান্তিক হত্যা কাণ্ড । বিদ্যা ডাবৰীৰ অলকেশ দত্তক মুখত সোপা দি ডিঙি কাটি হত্যা কৰি দুষ্কৃতিকাৰীয়ে পলায়ন কৰে ।

ই ৰিক্সা চালক অলকেশ দত্তক কোনে কি কাৰনত হত্যা কৰিলে সেয়া লৈ এতিয়া অঞ্চলটোত ৰহস্যৰ সৃষ্টি কৰিছে । হালাকুৰা আৰক্ষী চকীৰ পৰা মাত্ৰ চাৰিশ মিটাৰ দূৰত্বত নিশা হত্যা কাণ্ড সংঘটিত হোৱাৰ খবৰ আৰক্ষীয়ে গমেই নাপালে । ৰাইজে পুৱা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।

গোলকগঞ্জ আৰু হালাকুৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । ছুপাৰ মাৰ্কেটত দীৰ্ঘ দিন ধৰি নিশা মদৰ আড্ডা চলি আছে বুলি জানিব পৰা গৈছে । মদৰ নিচাত হত্যা কাণ্ড হোৱা বুলি ৰাইজে অভিযোগ কৰিছে । আৰক্ষীৰ তদন্তৰ পাছত আচল ৰহস্য পোহৰলৈ আহিব।