শিলচৰঃ কাছাৰ জিলাৰ কাটিগড়াত কংগ্ৰেছে আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰোধিতা কৰি প্ৰৱঞ্চনা দিৱস পালন কৰে৷ কেইবাশতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত প্ৰৱঞ্চনা দিৱসত কংগ্ৰেছৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰি ৰাজ্য আৰু কেন্দ্ৰ উভয়তে শাসনৰ গাদীত থকা বিজেপি দলক তীব্ৰ সমালোচনা কৰে।
কাছাৰ জিলাৰ কাটিগড়া আৰু কালাইন ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়া উপস্থিত থাকি সৰ্বসাধৰণ লোকক ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে প্রৱঞ্চনাৰ পাছত প্ৰৱঞ্চনা কৰা বুলি অভিযোগ কৰে।