শিলচৰঃ কাছাৰ জিলাৰ কাটিগড়াত কংগ্ৰেছে আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰোধিতা কৰি প্ৰৱঞ্চনা দিৱস পালন কৰে৷ কেইবাশতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত প্ৰৱঞ্চনা দিৱসত কংগ্ৰেছৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰি ৰাজ্য আৰু কেন্দ্ৰ উভয়তে শাসনৰ গাদীত থকা বিজেপি দলক তীব্ৰ সমালোচনা কৰে।

কাছাৰ জিলাৰ কাটিগড়া আৰু কালাইন ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়া উপস্থিত থাকি সৰ্বসাধৰণ লোকক ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে প্রৱঞ্চনাৰ পাছত প্ৰৱঞ্চনা কৰা বুলি অভিযোগ কৰে।

অচ্ছে দিনৰ কথা কৈ মানুহৰ পৰা ভোট লৈ এতিয়া ভাল দিনৰ পৰিৱৰ্তে দেশক বেয়া দিনৰ ভালে লৈ যোৱা বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই৷ বৰাকৰ কংগ্ৰেছৰ প্ৰভাৱশালী নেত্ৰী সাংসদ সুস্মিতা দেৱে বিজেপি চৰকাৰ প্ৰতিটো ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে। পৰিৱৰ্তনৰ কথা কৈ ৰাইজক ৰামঠগন দিয়া বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

উক্ত সভাতে গোৱালপাৰা কাণ্ডৰ বাবে চৰকাৰক দোষাৰোপ কৰে বিৰোধী নেতা দেবব্ৰত শইকীয়া আৰু সাংসদ সুস্মিতাই ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে। প্ৰৱঞ্চনা দিৱসত প্রাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভূঞা, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদীপ গোৱালা উপস্থিত থাকে। ইফালে এই সভাখন প্ৰৱঞ্চনা দিৱসৰ পৰিৱৰ্তে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবেহে অনুষ্ঠিত কৰা বুলি চৰ্চা হৈছে।