বাণিজ্য প্ৰতিবেদনঃ গুগলৰ সহায়ত অনাগত সময়ত এক নতুন ৰূপ লাভ কৰিব ভাৰতে। ভাৰতত মাৰ্কিন প্ৰতিষ্ঠানটোৱে ৭৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে এই আশা দেখা গৈছে। প্ৰকাশিত বাতৰি অনুযায়ী অহা ৫-৭ বছৰলৈকে উক্ত ধনৰাশিৰ জৰিয়তে ভাৰতত বিভিন্ন আঁচনি ৰূপায়ণ কৰিব মাৰ্কিন প্ৰতিষ্ঠানটোৱে।
এই বৃহৎ ধনৰাশি ব্যয় কৰা হ’ব ডিজিটেল উদ্ভাৱন অৰ্থাৎ ইণ্টাৰনেটৰ পৃথিৱীত নতুন কাম কৰা অথবা কাৰিকৰী কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত। গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে ১৩ জুলাইত “গুগল ফৰ ইণ্ডিয়া” কাৰ্যসূচীত এই ঘোষণা কৰে। উক্ত কাৰ্য্যসূচীত গুগলক সহযোগিতা আগবঢ়াইছে ভাৰতৰ ইলেকট্ৰনিক এণ্ড ইফৰ্মেচন টেকনলজী বিভাগে। বিষয়টোক লৈ সুন্দৰ পিচাইয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও আলোচনাত মিলিত হয়।