গোৰেশ্বৰঃ বাগসা জিলাৰ ২ নং গোৰেশ্বৰ নিবাসী মহঃ নইমুদ্দিন আহমেদৰ ৭২ বছৰ বয়সত  ৩০ নবেম্বৰৰ নিশা ২. ২০ ইন্তকাল ঘটে। গাছবাৰী হাইস্কুলৰ অৱসৰ প্ৰাপ্ত আৰবী শিক্ষক গৰাকী যোৱা কেবামাহ ধৰি অসুস্থ হৈ আছিল । 

অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা গোৰেশ্বৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আলহাজ নইমুদ্দিন আহমেদে বিগত  ২০০৬ চনৰ  ডিচেম্বৰত মাহত গাছবাৰী হাইস্কুলৰ পৰা  অৱসৰ গ্ৰহণ কৰিছিল। গোৰেশ্বৰ জ্যেষ্ঠ নাগৰিক সন্থা, গোৰেশ্বৰ জামে-মজজিদ সমিতিৰ সৈতে জড়িত আলহাজ নইমুদ্দিন আহমেদ ধৰ্মীয় দিশতো ওতঃপ্ৰোত ভাবে জড়িত আছিল। 

মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, তিনিগৰাকী কন্যা, নাতি নাতিনী আৰুবহুতো আত্মীয় স্বজনক এৰি থৈ যায়। তেখেতৰ মৃত্যুত গৰিয়া-মৰিয়া জনগোষ্ঠীয় পৰিষদ, গোৰেশ্বৰ সাহিত্য সভা, সংখ্যালঘু শিক্ষা আৰু বিকাশ সমিতি গোৰেশ্বৰ, গোৰেশ্বৰ প্ৰেছ ক্লাৱ আদি অনুষ্ঠানে শোক প্ৰকাশ কৰিছে। 

দীপাংকৰ দাস,গোৰেশ্বৰ।