গোৰেশ্বৰঃ চৰকাৰ সলনি হ’ল ঠিকেই, কিন্তু বাগসা জিলাৰ গোৰেশ্বৰ সংযোগী কেইবাটাও পথৰ শোচনীয় অৱস্থাই যেন প্ৰমাণ কৰিছে ৰাজ্যৰ উন্নয়ন এতিয়াও সুদূৰ গৰাহত। গোৰেশ্বৰ অঞ্চলৰ গোৰেশ্বৰ আন্ধেৰীঘাট আৰু গোৰেশ্বৰ খৈৰাবাৰী সংযোগী গড়কাপ্তানি বিভাগৰ পথ দুটি ইমানেই শোচনীয় হৈ উঠিছে যে এতিয়া পথদুটিৰে খোজ কাঢ়িবলৈও পথচাৰীয়ে চিন্তা কৰিব লগা হৈছে।
মেৰামতিৰ নামত নামমাত্ৰ কাম কৰি ৰাইজক আভুৱা ভাৰি বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন এচাম অভিযন্তা কিম্বা ঠিকাদাৰে শৰাধ কৰাৰ কুফল এতিয়া ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে। পথদুটিৰ নিৰ্মাণৰ কাম বাৰিষাৰ পূৰ্বে কৰিব লাগিছিল যদিও গড়কাপ্তানি বিভাগটোৱে খৰালি দিনকেইটাত নিষ্ক্ৰিয় হৈ থকাত এতিয়া বৰষুণ আৰম্ভ হোৱাত পথ দুটি পৰ্যবসিত হৈছে একো একোটা পুখুৰীলৈ।