গোৰেশ্বৰঃ ‘বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম নহ’লে আজি বড়ো সমাজ বহু পিছ পৰি থাকিলহেঁতেন। বড়োসকলৰ সমস্যা সমাধানৰ বাবে আমি তেওঁৰ আদৰ্শেৰে আগবঢ়া উচিত’- এই মন্তব্য বাগসা জিলা এবছুৰ নেতা সদানন্দ বড়োৰ।
আজি বাগসা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত মহাবিদ্যালয় শাখা এবছুৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিৱস উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথিৰ ভাষণত বড়োৱে এনেদৰে কয়। তেওঁ আৰু কয় যে আজিৰ ছাত্ৰসমাজে জাতিৰ উন্নয়ণ কৰিবলৈ যিকোনো মাদক দ্ৰব্যৰ পৰা আতৰি থকাটো বাঞ্চনীয় হৈ পৰিছে।