গোৰেশ্বৰঃ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কামৰূপ জিলা কমিটিৰ উদ্যোগত বাগসা জিলাৰ গোৰেশ্বৰৰ বিষ্ণুৰাভা ভৱনত শনিবাৰে অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম পথিকৃৎ নেতা প্ৰয়াত নন্দেশ্বৰ তালুকদাৰ আৰু অচিন্ত ভট্টাচাৰ্য্যৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়।
পাৰ্টিৰ অন্যতম জেষ্ঠ নেতা কৰুণা ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চি পি আই এম কামৰূপ জিলা কমিটিৰ সম্পাদক ৰমেশ নাথে। প্ৰায় তিনি শতাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাধাৰণ সভাত “বিজেপি চৰকাৰ আৰু আজিৰ ভাৰত” শীৰ্ষক বিষয় সম্পৰ্কত বক্তব্য প্ৰদান কৰে চি পি আই এম অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেৱেন ভট্টাচাৰ্যই।