54
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ বৰফুকনখাত গাঁৱৰ জ্যোতিৰূপা আত্মসহায়ক গোটৰ দ্বাৰা ২৩ জুলাইত বিয়লি গাওঁখনত আয়োজিত হয় এখনি অভিনন্দন অনুষ্ঠানৰ।
গাওঁখনৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হোৱা চাৰিগৰাকী ছাত্ৰক অভিনন্দন জ্ঞাপনৰ উদ্দেশ্য এই অনুষ্ঠানৰ সঞ্চালনা কৰে আৰ্যভট্ট চায়েন্স একাডেমিৰ অধ্যক্ষ দীপাংকৰ দাসে।