গোৰেশ্বৰঃ বাগসা জিলাৰ এক অন্যতম ব্যস্ত চহৰ গোৰেশ্বৰ। চহৰ হিচাপে নতুনকৈ গঢ়ি উঠা গোৰেশ্বৰ এতিয়াও বিভিন্ন সমস্যাৰে জৰ্জৰিত। চহৰৰ বহু ব্যৱস্থাই গঢ়ি নুঠাৰ পৰিপ্ৰেক্ষিতত নিতৌ নতুন সমস্যাই গা কৰি উঠিছে গোৰেশ্বৰত। কৃত্ৰিম বানৰ সমস্যা চহৰখনত এতিয়াৰে পৰা গুৰুতৰ হৈ উঠিছে।
চহৰখনৰ কৃষ্ণ নগৰ, বিদ্যানগৰ, সাহাপট্টী, ৰবীন্দ্ৰ নগৰ, ধীৰেণপাৰা আদি এলেকা যোৱা প্ৰায় এমাহে পানীত ডুব গৈ থাকিব লগা হৈছে। পানী ওলাই যোৱাৰ কোনো বিশেষ ব্যৱস্থা নথকাত এতিয়াও বহুতৰে ঘৰ-দুৱাৰ জলমগ্ন হৈ আছে।