গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গাৰোগাঁৱৰ বাসিন্দা তথা গুৱাহাটীস্থ কে চি দাস কমাৰ্চ কলেজৰ অধ্যাপক ডঃ প্ৰভাত চন্দ্ৰ কাকতিৰ শনিবাৰে নিশা প্ৰায় ১১বজাত জি এম চি এইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷
জানিব পৰামতে তেওঁ কেইবামাহ পূৰ্বৰেপৰা কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল৷ গোৰেশ্বৰ গাঁৰোগাঁৱত জন্ম গ্ৰহণ কৰা ডঃ কাকতিয়ে বিভিন্ন ঘাট -প্ৰতিঘাটৰ মাজেৰে উচ্চ শিক্ষা গ্ৰহণ কৰি কলেজত শিক্ষকতা কৰাৰ লগতে সদৌ অসম শালৈ সন্মিলনীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি সংগঠনটোৰ লগতে জাতিটোৰ উন্নয়নৰ হকে কাম কৰিছিল৷