57
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈছে গ্ৰাহক। শীতকালত বিদ্যুত সেৱা প্ৰায় নিয়মীয়া আছিল যদিও গৰম পৰাৰ লগে লগে এতিয়া আকৌ পূৰ্বৰ ভেকোঁভাওনা আৰম্ভ হৈছে।
ৰঙিয়া বিদ্যুত উপ সংমণ্ডলৰ অন্তৰ্গত গোৰেশ্বৰত এতিয়া অলপ বৰষুণ পৰিলেই ব্যাহত হৈ পৰে বিদ্যুত সেৱা। ধূমুহা আহিলে দুই-তিনিদিনলৈ অন্ধকাৰত থাকিব লাগে গ্ৰাহকে।