গুৱাহাটীঃ সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে মোজামিল হক বঁটা আৰু এম ইব্ৰাহীম আলী বঁটাৰ বাবে নিৰ্বাচিত কৰা লোকৰ নাম শনিবাৰে ঘোষণা কৰে৷ এইবেলি শ্বহীদ মোজামিল হক সোঁৱৰণী বটাঁ কৃষক নেতা অখিল গগৈ আৰু কবি সাহিত্যিক এম ইব্ৰাহীম আলী সোঁৱৰণী বঁটা বড়ো সাহিত্যিক তথা বড়ো সাবিত্য সভাৰ সভাপতি তৰেণ বড়োক প্ৰদান কৰিব সংগঠনটোৱে৷
বিগত বছৰৰ পৰা ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মোজামিল হক আৰু কবি তথা সাহিত্যিক এম ইব্ৰাহীম আলীৰ নামত বঁটা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে সংগঠনটোৱে৷ ভাষা আন্দোলনত জপিয়াই পৰি শ্বহীদ হোৱা মোজামিল হক বঁটা অখিল গগৈক প্ৰদান কৰি সংগঠনটোৱে কয়, অসমৰ এজন নেতা অখিল গগৈ৷ নিস্বাৰ্থ ভাবে অসমৰ নিপিড়ীত কৃষক শ্ৰেণীৰ বাবে সংগ্ৰাম কৰি অহা কাৰ্যই অধিকাৰৰ হকে যুঁজ দিবলৈ সাহস দিয়া বুলি কয় সংগঠনটোৱে৷