গুৱাহাটীঃ সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে মোজামিল হক বঁটা আৰু এম ইব্ৰাহীম আলী বঁটাৰ বাবে নিৰ্বাচিত কৰা লোকৰ নাম শনিবাৰে ঘোষণা কৰে৷ এইবেলি শ্বহীদ মোজামিল হক সোঁৱৰণী বটাঁ কৃষক নেতা অখিল গগৈ আৰু কবি সাহিত্যিক এম ইব্ৰাহীম আলী সোঁৱৰণী বঁটা বড়ো সাহিত্যিক তথা বড়ো  সাবিত্য সভাৰ সভাপতি তৰেণ বড়োক প্ৰদান কৰিব সংগঠনটোৱে৷ 

বিগত বছৰৰ পৰা ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মোজামিল হক আৰু কবি তথা সাহিত্যিক এম ইব্ৰাহীম আলীৰ নামত বঁটা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে সংগঠনটোৱে৷ ভাষা আন্দোলনত জপিয়াই পৰি শ্বহীদ হোৱা মোজামিল হক বঁটা অখিল গগৈক প্ৰদান কৰি সংগঠনটোৱে কয়, অসমৰ এজন নেতা অখিল গগৈ৷ নিস্বাৰ্থ ভাবে অসমৰ নিপিড়ীত কৃষক শ্ৰেণীৰ বাবে সংগ্ৰাম কৰি অহা কাৰ্যই অধিকাৰৰ হকে যুঁজ দিবলৈ সাহস দিয়া বুলি কয় সংগঠনটোৱে৷

পৰিশ্ৰমী, সাহসী, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত-মাতি অহা লোকজনেই হৈছে অখিল গগৈ৷ ৰাজ্যৰ জ্বলন্ত সমস্যা, দৰিদ্ৰ তথা বানপানীৰ কৱলত পৰা মানুহৰ হৈ মাত দি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো অখিল গগৈয়ে হাৰ মনা নাই বুলি কয় সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে৷

অসমৰ এজন কবি তথা সাহিত্যিক এম ইব্ৰাহীম আলীয়ে ৰাজ্যৰ বাবে যি বৰঙণি আগবঢ়াই গ’ল সেয়া অতুলনীয়৷ অসমীয়াৰ শব্দ, ভাষাৰ ভৰাঁল চহকী কৰি যোৱা এম ইব্ৰাহীম আলীৰ সোৱঁৰণত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োক এই বঁটা প্ৰদান কৰা হ’ব বুলি কয়৷

বঁটা প্ৰদান কৰি কেৱল দায়িত্ব পালনেই নহয় বৰঞ্চ তেওঁলোকৰ যোগ্যতাক সন্মানেৰে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰা হ’ব বুলি কয় সংগঠনটোৰ সম্পাদক মতিউৰ ৰহমানে৷