গৰৈমাৰীঃ ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ ৰাস্তা-ঘাট উন্নয়নৰ নামত কোটি কোটি টকা খৰচ কৰিছে যদিও এই আঁচনিয়ে ঢুকি পোৱা নাই গ্ৰামাঞ্চলসমূহক। তাৰেই এক জ্বলন্ত উদাহৰণ হিচাপে দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ গৰৈমাৰী অঞ্চললৈ লক্ষ্য কৰিলে পোহৰলৈ আহিব।
বৃহত্তৰ গৰৈমাৰী অঞ্চলৰ ভিতৰুৱা অঞ্চলত থকা ৰাস্তা-ঘাটসমূহ স্বৰাজোত্তৰ কালৰ পৰাই পিছপৰা৷ আজিও জৰাজীৰ্ণ হৈয়ে আছে পথসমূহ। বিগত কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত কিছুমান পথ নিৰ্মাণৰ নামত গৰৈমাৰী উন্নয়ন খণ্ডৰ জৰিয়তে লাখ লাখ টকাৰ আঁচনি গ্ৰহণ কৰা হৈছিল যদিও উক্ত পথসমূহত কেইবা গাড়ী মাটি পেলাই সিংহ ভাগ ধন আত্মসাৎ কৰিছিল একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে।