45
গৌৰাসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখৰ ব্রহ্মপুত্র আৰু দিখৌ নদীৰ জল পৃষ্ঠই লৈছে সংহাৰী ৰূপ। দেওবাৰে ৰাতিৰে পৰা ফেনে ফোটোকাৰে বাঢ়িব ধৰিছে ব্রহ্মপুত্রৰ জলপৃষ্ঠ। শংকিত হৈ পৰিছে দিখৌমুখবাসী।
কৃষিজীৱি ৰাইজৰ আশাত চেচা পানী ঢালিব পাৰে এই বানে। দিখৌমুখৰ প্রায়ভাগ মঠাউৰি বনোৱা হৈছিল যদিও নিৰ্মাণ কাৰ্য্য আধা হৈ ৰোৱাত কিমান সুৰক্ষা দিব পাৰিব আধৰুৱা মথাউৰিয়ে, তাকে লৈ সন্দিহান ৰাইজ।