ঢেকীয়াজুলিঃবাৰিষাৰ প্ৰৱল বৰষুণৰ ফলত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নদীবোৰৰ জলস্তৰ বিপদসীমাৰ ওপৰৰে বৈ যোৱাৰ ফলত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ গাভৰু নদীয়েও এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷
শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত গাভৰুৰ বানে কালৰূপ ধৰিছে৷ ঢেকীয়াজুলি সমষ্টিৰ মেঘাইজাৰণি, বৰবিল, বৰবিল পথাৰ, ঘটুৱা, কাঁহিকুচি আদি গাওঁ সমূহক এই নদীৰ ভয়াৱহ বান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰৰ জলসম্পদ বিভাগে লৈছিল ব্যৱস্থা।