নগৰবেৰাঃ কামৰূপ (গ্ৰাম্য) জিলাৰ বকো থানাৰ অন্তৰ্গত বকো শনিবৰীয়া বজাৰত আজি সেনাই উদ্ধাৰ কৰে এটা শক্তিশালী গ্ৰেনেড। সেনা আৰু বকো আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বকো শনিবৰীয়া বজাৰৰ মা লক্ষী ভাণ্ডাৰত অভিযান চলাই গ্ৰেনেডটো উদ্ধাৰ কৰে।
গেলামাল দোকানখনত সামগ্ৰীৰে ভৰ্ত্তি এখন বেগত নাটকীয়ভাৱে সেনাই গ্ৰেনেডটো উদ্ধাৰ কৰে আৰু দোকানখনৰ স্বত্বাধিকাৰী শ্যামল দত্তৰ লগতে আন দুজন যুৱকক আৰক্ষীয়ে সোধা-পোছাৰ স্বত্বাধিকাৰী শ্যামল দওই এয়া এক ষড়যন্ত বুলি ব্যক্ত কৰিছে।