76
ডিজিটেল ডেস্কঃ আদ বয়সতে মূৰত পকা চুলিৰ সংখ্যা বাঢ়িছে নেকি? সাৱধান! যিকোনো মুহূৰ্ততে আপুনি হৃদৰোগত আক্ৰান্ত হ’ব পাৰে। শেহতীয়াকৈ এনে এক তথ্য প্ৰকাশ কৰিছে কাইৰো বিশ্ববিদ্যালয়ৰ হৃদৰোগ বিশেষজ্ঞ চিকিৎসক ইৰিনি ছেমুৱেলে।
‘বয়স বঢ়াৰ লগতে হৃদৰোগৰ আশংকাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পায়। পুৰুষৰ ক্ষেত্ৰত চুলিৰ কিছু পৰিৱৰ্তনৰ পৰা এই সম্ভাৱনাৰ উমান পাব পাৰি। হ’লেও এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে।’- এইদৰে কয় গৱেষক চিকিৎসকগৰাকীয়ে।