ডিজিটেল ডেস্কঃ আদ বয়সতে মূৰত পকা চুলিৰ সংখ্যা বাঢ়িছে নেকি? সাৱধান! যিকোনো মুহূৰ্ততে আপুনি হৃদৰোগত আক্ৰান্ত হ’ব পাৰে। শেহতীয়াকৈ এনে এক তথ্য প্ৰকাশ কৰিছে কাইৰো বিশ্ববিদ্যালয়ৰ হৃদৰোগ বিশেষজ্ঞ চিকিৎসক ইৰিনি ছেমুৱেলে।

'বয়স বঢ়াৰ লগতে হৃদৰোগৰ আশংকাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পায়। পুৰুষৰ ক্ষেত্ৰত চুলিৰ কিছু পৰিৱৰ্তনৰ পৰা এই সম্ভাৱনাৰ উমান পাব পাৰি। হ’লেও এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে।’- এইদৰে কয় গৱেষক চিকিৎসকগৰাকীয়ে। 

বিজ্ঞানীসকলে জানিবলৈ দিয়া অনুযায়ী, আথেৰোস্কেৰোছিছৰ দৰে চৰ্মৰোগৰ দৰেকৈ চুলিৰ অকালপক্কতাৰ পিছতো একে প্ৰক্ৰিয়াই কাম কৰে। এই শাৰীৰিক পৰিৱৰ্তনৰ আঁৰত আছে বিযোৰ ডি এন এ, অক্সিডেটিভ ষ্ট্ৰেছ, প্ৰদাহ, হৰমন পৰিৱৰ্তন আৰু সক্ৰিয় কোষৰ জৰাপ্ৰাপ্তি।

চুলিৰ অকালপক্কতাৰ সৈতে হৃদৰোগৰ সম্পৰ্ক আছে নে নাই সেয়া জানিবলৈ কিছুদিনপূৰ্বে গৱেষণামূলক এটি সমীক্ষা চলাইছিল ছেমুৱেল আৰু তেওঁৰ সহযোগী গৱেষক চিকিৎসকসকলে। আচৰিত ধৰণে গৱেষণাটোত দেখা গ'ল যে চুলিৰ অকালপক্কতাৰ সৈতে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাৰ বাৰুকৈয়ে যোগসূত্ৰ আছে।

গৱেষণাটোত মুঠ ৫৪৫জন প্ৰাপ্তবয়স্ক পুৰুষক সামৰি লোৱা হৈছিল। এইসকল পুৰুষৰ প্ৰত্যকৰে হৃদযন্ত্ৰৰ ৰক্তবাহী সিৰা সংক্ৰান্ত ৰোগৰ আংশকাত কেৰোনাৰি এঞ্জিওগ্ৰাফী ছাৰ্জাৰী কৰা হৈছিল। চুলিৰ ৰঙৰ ওপৰত ভিত্তি কৰি আটাইকে গৱেষণাৰ সময়ত মুঠ ৫টা গোটত ভাগ কৰি লোৱা হয়ঃ ১) আটাইবোৰ চুলি ক’লা, ২) অধিকাংশ চুলি ক’লা, ৩) ক’লা-বগা চুলিৰ পৰিমাণ আধা-আধা, ৪) ক’লাতকৈ বগা চুলিৰ সংখ্যা বেছি, আৰু ৫) প্ৰায় সম্পূৰ্ণ বগা চুলি।

সমীক্ষাটোত অন্তৰ্ভূক্ত কৰা হৈছিল হাইপাৰটেনশ্যন, ধূমপান, ডাইস্লিপিডেমিয়া আৰু হৃদৰোগৰ বংশানুক্ৰমিক ইতিহাস। পিছত সমীক্ষাৰ ফলাফলত দেখা যায় যে ৩ আৰু ৫ নম্বৰৰ ভিতৰত থকা পুৰুষসকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।

এনে পৰিপ্ৰেক্ষিততে গৱেষক চিকিৎসক ছেমুৱেলৰ পৰামৰ্শ আগবঢ়াইছে চুলিৰ অকালপক্কতাই দেখা দিলে অবিলম্বে হৃদৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।