ডিজিটেল ডেস্কঃ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ল সামগ্ৰী আৰু সেৱাকৰ চমুকৈ জিএছটি৷ জিএছটিৰ পিছত আন বহু সামগ্ৰীৰ লগতে দাম কমিল ম’বাইল ফোনৰ৷ মূল্য হ্ৰাস পোৱা এনে কেইটামান স্মাৰ্টফোন হ’লঃ
আছুছ জেনফোন ৩ পুৰ্বৰ মূল্য আছিল ১৯,৯৯৯৷ কিন্তু জিএছটিৰ পিছত এই স্মাৰ্টফোনটোৰ মুল্য ১৬,৯৯৯ টকা৷


আছুছ জেনফোন ৩ মেক্সৰ মূল্য ১০০০ টকা কমি বৰ্তমান বজাৰ মুল্য ১৪,৯৯৯ টকা হৈছে। 


আইফোন এছ ইৰ আগৰ মুল্যতকৈ ১২০০ টকা হ্ৰাস হৈ বৰ্তমান মুল্য হৈছে ২৬,০০০ টকা৷


আইফোন ৭ প্লাছৰ আগৰ ৭২,০০০ৰ পৰিৱৰ্তে এতিয়া মুল্য ৬৭,৩০০ টকা৷


পেনাছ’নিক ইলোগা ১২ ৰ জিএছটিৰ পিছত বজাৰ মুল্য হৈছে ৬,৪৯০ টকা৷ পুৰ্বতে উক্ত ফোনৰ মুল্য আছিল ৭,২৯৯ টকা৷


ঠিক তেনেদৰে পেনাছ’নিক পি ৮৮ৰ জিএছটিৰ পুৰ্বৰ ৯,২৯০ ৰ পৰিৱৰ্তে এতিয়া মুল্য ৮,৪৯০ টকা৷