আহমেদাবাদঃ কৰ’না আক্ৰান্তক সহায় কৰিবলৈ গৈ নিজেই কৰ’নাত আক্ৰান্ত হৈ গুজৰাটত মৃত্যু হৈছে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ। কৰ’নাত মৃ্ত্যু হোৱা এইগৰাকী কংগ্ৰেছ নেতা হৈছে বদৰুদ্দিন শ্বেখ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ।
সোমবাৰে পুৱাই টুইটাৰযোগে এই দুঃসংবাদ প্ৰকাশ কৰে কংগ্ৰেছ নেতা শক্তিসিং গোহিলে। টুইটযোগে শোক প্ৰকাশ কৰি তেওঁ কয়, ‘বদৰু ডাঙৰীয়াই এইকেইদিনত কৰ’না আক্ৰান্ত দৰিদ্ৰ লোকসকলক সহায় কৰাত ব্যস্ত আছিল। ৰাজনীতিলৈ অহাৰ পৰা নিস্বঃ আৰু আৰ্তজনৰ সেৱা কৰাটোৱেই আছিল তেওঁৰ জীৱনৰ ব্ৰত।’