► আমেৰিকা যুক্তৰাষ্ট্ৰত কেবাখনো ৰাজ্যত লকডাউন প্ৰত্যাহাৰৰ প্ৰস্তুতি

অৰ্থনৈতিক মন্দাৱস্থা ভয়াৱহ হৈ পৰালৈ চাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেবাখনো ৰাজ্যই লকডাউনক লৈ থকা একাধিক নিষেধাজ্ঞা উঠাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ৰাজ্যকেইখন হৈছে কলোৰাডো, মিচিচিপি, মিনাছ’টা আৰু টেনেছি।

► ইটালীতো লকডাউন শিথিলৰ প্ৰস্তুতি

ইটালীৰ প্ৰধানমন্ত্ৰী জুজেপ্পে কাণ্টে সংবাদ মাধ্যমক সম্বোধন কৰি কৈছে যে অচিৰেই চৰকাৰে লকডাউন লাহে লাহে উঠাই দিবলৈ আৰম্ভ কৰিব। এই সন্দৰ্ভত তেওঁ নাগৰিকসকলক আহ্বানো জনাইছে। 'যদিহে আপোনালোকে ইটালীক মনে-প্ৰাণে ভাল পাই তেন্তে সামাজিক দূৰত্ব বিধি কঠোৰভাৱে মানি চলিব। তেতিয়া আমি লকডাউন খুলি দিবলৈ সাহস কৰিম।’-কাণ্টে কয়।

► আজিৰে পৰা কাৰ্যালয়লৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী

কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ উঠা ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজিৰে পৰা কাৰ্যালয়ত উপস্থিত হৈ কাম-কাজ আৰম্ভ কৰিছে। উল্লেখ্য যে বিগত কেবাদিনো ধৰি কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসাধীন হৈ আছিল প্ৰধানমন্ত্ৰীগৰাকী।

► আইএমএফৰ পৰা বেইলআউট পেকেজ বিচাৰিলে ইজিপ্তে

কৰ’নাক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা বেইলআউট পেকেজ বিচাৰিছে ইজিপ্তে। বিমান পৰিবহণ আৰু পৰ্যটন বন্ধ হোৱাত এতিয়া ভীষণ সংকটৰ সন্মুখীন হৈছে দেশখন।

► ৰাছিয়াতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ

ৰাছিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। যদিহে লকডাউনৰ নিয়মসমূহ সঠিকভাৱে পালন নকৰে তেন্তে দেশখনত কেবা লক্ষাধিক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে। বৰ্তমান দেশখনত কৰ’নাত আক্ৰান্ত হৈছে ৮০ হাজাৰৰো অধিক লোক।

► ফ্ৰান্সত প্ৰতিদিনে মৃত্যুৰ সংখ্যা হ্ৰাস

কৰ’নাই ক্ৰমাৎ মন্থ্ৰ ৰূপ লৈছে ফ্ৰান্সত। দেশখনত বিগত সময়ছোৱাত প্ৰতিদিনে ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। দেওবাৰে দেশখনত কৰ’নাত মৃত্যু ঘটে মাত্ৰ ২৪২ জনৰ। ইয়ালৈ চাই প্ৰধামন্ত্ৰী এডৱাৰ্ড ফিলিপে শীঘ্ৰে লকডাউন প্ৰত্যাহাৰ কৰিবলৈ চিন্তা আৰম্ভ কৰিছে।

► ঘৰতে কাম কৰাক লৈ আইন প্ৰণয়নৰ যোজা জাৰ্মানীৰ

জাৰ্মানীৰ শ্ৰম মন্ত্ৰী হেবৰ্টাছ হিলে কৈছে যে দেশখনত অচিৰেই 'ৱৰ্ক ফ্ৰম হোম’ বিষয়ক এক আইন প্ৰণয়ন কৰা হ’ব। কৰ’নাৰ পিছতো সামাজিক দূৰত্ব বৰ্তাই ৰখাত সুবিধা হোৱাকৈ এই আইন প্ৰণয়ন কৰা হ’ব বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে।

► ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ

ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰী য়াকুব লিজমেনে দেওবাৰে পদত্যাগ কৰে। কৰ’না ভাইৰাছ প্ৰতিহত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ বাবেই এইদৰে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

► জীয়াই আছে কিম জং উন

মৃত্যু হোৱা নাই উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উন। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জ্যে-ইনৰ এগৰাকী শীৰ্ষ নিৰাপত্তা উপদেষ্টা সোমবাৰে আন্তঃৰ্জাতিক সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে এই কথা। তেওঁ কয় যে অসুস্থ হৈছিল যদিও কিম বৰ্তমান সুস্থ হৈ উঠিছে আৰু জীয়াই আছে।

► ভাৰতত কৰ’নাৰ আক্ৰান্তৰ সংখ্যা প্ৰায় ২৮ হাজাৰ

ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। সোমবাৰে পুৱাৰ ভাগত এই সংখ্যা হৈছেগৈ ২৭, ৮৯২ জন। আনহাতে মৃত্যু হৈছে ৮৭২ গৰাকীৰ।

► নগা পাহাৰৰ পৰা অসমত নিশা শ শ লোকৰ প্ৰৱেশ

আন্তঃৰাজ্যিক সীমান্ত ছীল থকাৰ সময়তে নিশা নগা পাহাৰৰ পৰা অসমত শ শ লোক প্ৰৱেশ কৰাৰ বাতৰি পোৱা গৈছে। মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৰ গাভৰু পৰ্বতত চুবুৰীয়া ৰাজ্যখনৰ লোকৰ উপস্থিতি দেখা গৈছে বুলি জনাইছে স্থানীয় লোকসকলে।