নতুন দিল্লীঃ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’নাক্ৰান্তৰ সংখ্যা। সোমবাৰে পুৱাৰ ভাগত এই সংখ্যা হৈছেগৈ প্ৰায় ২৮ হাজাৰ, মৃত্যু হৈছে ৮০০ ৰো অধিক লোকৰ। সুস্থ হৈছে ৬ সহস্ৰাধিক কৰ’নাক্ৰান্ত। ঔষধ উদ্ভাৱন নোহোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰু কেৰালাৰ পিছত কেবাখনো ৰাজ্যত আক্ৰান্তসকলক আৰোগ্য কৰি তুলিবলৈ সহায় লোৱা হৈছে প্লাজমা থেৰাপিৰ।

এই প্লাজমা থেৰাপিৰ সহায়ত ইতিমধ্যে কেবাজনো ৰোগী সুস্থ হৈ উঠিছে। প্লাজমা থেৰাপিৰ এই ফলপ্ৰসূ ফলাফল লাভ কৰাৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সুস্থ হৈ উঠা ৰোগীসকলক প্লাজমা দান দিবলৈ আহ্বান জনাইছিল। উক্ত আহ্বানলৈ সহাৰি জনাই পৱিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ সময়তে প্লাজমা থেৰাপিৰ জৰিয়তে আৰু হাজাৰজনক সুস্থ কৰি তুলিবলৈ আগবাঢ়ি আহিছে ৩০০ ৰো অধিক কৰ’নাৰ পৰা সুস্থ হৈ উঠা তবলীগ জামাতৰ সদস্যই।

উল্লেখ্য যে, এমাহ পূৰ্বে দেশত দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতৰ লোকসকলৰ বাবেই কৰ’না বিয়পি পৰা বুলি ছ’চিয়েল মিডিয়াত অধিকাংশ লোকে দাবী কৰিছিল। কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও তবলীগ জামাতকেই ভাৰতত কৰ’না বিয়পাৰ বাবে জগৰীয়া কৰাও দেখা গৈছিল। কেন্দ্ৰ আৰু দিল্লী চৰকাৰেও তবলীগ জামাতৰ বাবে দেশত কৰ’নাৰ সংক্ৰমণৰ হাৰ যথেষ্ট বৃদ্ধি পোৱা বুলি সদৰী কৰি আহিছে।

দিনদিয়েক পূৰ্বে স্বাস্থ্য মন্ত্ৰণালয়ে এক সংবাদমেলযোগে জনাই যে ভাৰতৰ কৰ’নাত আক্ৰান্ত হোৱা লোকসকলৰ ৩০ শতাংশ ৰোগীৰেই আছে নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে সম্পৰ্ক। এনে পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে তবলীগ জামাতত ভাগ লোৱা লোকসকলক সন্দেহৰ চকুলৈ চাবলৈ আৰম্ভ কৰে।

ইয়াৰ মাজতে তবলীগ জামাতৰ ৩ শতাধিক সদস্যই এনেদৰে প্লাজমা দান কৰিবলৈ আগবাঢ়ি অহা বিষয়টোৱে বহন কৰিছে বিশেষ তাৎপৰ্য। দিল্লী চৰকাৰৰ সূত্ৰই জনোৱা মতে কেজৰিৱালৰ আহ্বানৰ পিছতে দিল্লীৰ ভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি কৰ’নাৰ পৰা সুস্থ হৈ উঠা তবলীগ জামাতৰ ৩ শতাধিক সদস্যই প্লাজমা দানৰ বাবে চৰকাৰী ৱেবছাইটযোগে সন্মতি পত্ৰ পূৰণ কৰিছে।

দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগৰ সূত্ৰটোৰ মতে নৰেলা কেন্দ্ৰত ১৯০ জন, চুলতানপুৰী চেণ্টাৰত ৫১ জন আৰু মংগোলপুৰী চেণ্টাৰত ৪২ জন তবলীগ জামাতৰ সদস্যই ইতিমধ্যে প্লাজমা দান দিবলৈ সন্মতি পত্ৰত স্বাক্ষৰ কৰি প্লাজমা দিবলৈ সাজু হৈছে। ইফালে তবলীগ জামাতৰ মূৰব্বী মৌলানা চান্দেও দেওবাৰে সুস্থ হৈ থকা জামাতৰ সদস্যসকলক দেশৰ স্বাৰ্থত প্লাজমা দান দিবলৈ আহ্বান জনাইছে।