বিশেষ প্ৰতিবেদনঃ কৰ’না মহামাৰীক লৈ অব্যাহত থকা লকডাউনৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে ইণ্টাৰনেটৰ ব্যৱহাৰ। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ। সেয়া হৈছে এই সময়ছোৱাত ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে অনলাইন ধৰ্ষণ। স্পেইনৰ চাইবাৰ অপৰাধ অনুসন্ধান সংস্থা 'চেণ্ট্ৰেল চাইবাৰ ক্ৰাইম ইউনিট’ৰ এক অনলাইন সমীক্ষাত পোহৰলৈ আহিছে এই উদ্বেগজনক খবৰ।

স্পেনিছ চাইবাৰ ক্ৰাইম অনুসন্ধান সংস্থাটোৰ এগৰাকী বিষয়া ছেছিলিয়া কেৰিয়ানে জনোৱা মতে লকডাউনৰ সময়ত ইউৰোপৰ লগতে এছিয়া আৰু আমেৰিকা মহাদেশৰ দেশসমূহতো সাধাৰণ দিনৰ তুলনাত অধিক ভয়াৱহভাৱে বৃদ্ধি পাইছে অনলাইন যৌন নিৰ্যাতন। এই সময়ছোৱাত অধিক সক্ৰিয় হৈ পৰিছে 'পিড’ফাইল চাৰ্কোল’ৰ লোকসকল। ইয়াৰ অৰ্থ হৈছে শিশুসকলক যৌন দৃষ্টিৰে চোৱা আৰু যৌন শোষণ কৰা লোকসকল। 

''লকডাউনৰ সময়ত আমি একাধিক ৱেবছাইটত পিড’ফাইলৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পাইছো। পৰ্ণ ৱেবছাইটসমূহৰ চাট গ্ৰুপত এইকেইদিন আমি অধিকাংশ লোককে 'নতুন মাল আহিছে নেকি’ বুলি কমেণ্ট কৰা দেখিছো। এইসকলৰ লোকৰ মতে নতুন মালৰ অৰ্থ হৈছে অনলাইন প্লেটফৰ্মত উপলব্ধ হোৱা শিশুসকলৰ আপত্তিজনক নতুন ফটো বা ভিডিঅ’। ইয়াক একপ্ৰকাৰৰ অনলাইন ধৰ্ষণ হিচাপেও অভিহিত কৰিব পাৰি।’’-এইদৰে কয় অনুসন্ধান সংস্থাটোৰ বিষয়াগৰাকীয়ে।

শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা বৃদ্ধি

স্পেইনৰ আৰক্ষী বিভাগে জনোৱা মতে কৰ’না মহামাৰীৰ সময়ত দেশখনত অব্যাহত থকা লকডাউনৰ ফলত ইণ্টাৰনেটত দ্ৰুতগতিত সক্ৰিয় হৈ উঠিছে পিড’ফাইল চাৰ্কোল। একে তথ্য লাভ কৰাৰ কথা সদৰী কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাইবাৰ অপৰাধৰ অনুসন্ধানৰ সৈতে জড়িত সংস্থাসমূহেও।

বিভিন্ন দেশৰ পৰা লাভ কৰা এনে তথ্যৰ ভিত্তিত ছেছিলিয়া কেৰিয়ানে কৈছে, 'লকডাউনৰ লগে লগে এনে ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আচলতে এই পিড’ফাইল চাৰ্কোলৰ লোকসকলে লকডাউনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিছে। ৱেবছাইটসমূহৰ চাট গ্ৰুপতো লকডাউনৰ সময়ত লাখ লাখ লোকে শিশুৰ নতুন নগ্ন ফটো আৰু ভিডিঅ’ আপলোড হৈছে নেকি বুলি এজনে আনজনক প্ৰশ্ন কৰা দেখা গৈছে।’

কেৰিয়ানে জনোৱা মতে স্পেইনত ১৪ মাৰ্চত লকডাউন ঘোষণা কৰাৰ পিছতে ১৭ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈকে ৭টা দিনত ইণ্টাৰনেটৰ পৰা চাইল্ড পৰ্ণগ্ৰাফি কণ্টেণ্ট ১৭,০০০ বাৰ ডাউনলোড কৰা হৈছে। একেদৰে ২৪ মাৰ্চৰ পৰা ৩১ মাৰ্চৰ সময়ছোৱাত সেয়া বৃদ্ধি পাই হয়গৈ ২১ হাজাৰ। 

স্পেইনৰ লগতে সমগ্ৰ ইউৰোপতে এই সময়ছোৱাত বৃদ্ধি পাইছে চাইল্ড পৰ্ণগ্ৰাফি কণ্টেণ্ট ডাউনলোডৰ সংখ্যা। ইউৰোপীয়ান পুলিচ অফিচ চমুকৈ ইউৰোপলৰ সঞ্চালক কেথেৰিন ডে ব’লৰ মতে লকডাউনৰ সময়ত সমগ্ৰ ইউৰোপতে এইধৰণৰ ফটো আৰু ভিডিঅ’ৰ ডাউনলোডৰ লগতে ইণ্টাৰনেটৰ জৰিয়তে শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ হাৰ ২৪ শতাংশলৈকে বৃদ্ধি পাইছে।

আনহাতে কৰ’নাই বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰা ইটালীতো দেখা গৈছে অনুৰূপ পৰিৱেশ। দেশখনৰ পোষ্ট এণ্ড টেলিকম পুলিচ বিভাগৰ মূৰব্বী নুনজিয়া কিয়াৰ্ডিয়ে এই সন্দৰ্ভত কৈছে, 'লকডাউনত আমি সকলোৱে ঘৰৰ ভিতৰত আছো। এজনে আনজনৰ সৈতে সংযুক্ত হৈ আছো। আমি অনলাইনযোগে এনে কাম কৰিবলৈ চেষ্টা কৰিছো যিবোৰ নেকি বাস্তৱৰ পৃথিৱীত কৰাতো সম্ভৱ নহয়। গতিকে এইকেইদিন সকলোধৰণৰ চাইবাৰ অপৰাধ যে বৃদ্ধি পাইছে তাত কোনো সন্দেহেই নাই।’

তেওঁ আৰু কয়, 'আমাৰ হাতত যি পৰিসংখ্যা আছে তাৰ পৰা এয়া স্পষ্ট হৈ পৰে যে লকডাউনৰ সময়ত ইটালীত চাইল্ড পৰ্ণ’গ্ৰাফীৰ সৈতে জড়িত অপৰাধ আৰু শিশুৰ ওপৰত যৌন নিৰ্যাতন যথেষ্ট বৃদ্ধি পাইছে। আচৰিত কথাটো হ’ল যোৱা বছৰ ১ মাৰ্চৰ পৰা ১৫ এপ্ৰিললৈকে আমি অনলাইন চাইল্ড পৰ্ণ’গ্ৰাফীৰ সৈতে জড়িত ৬টাকৈ গোচৰ লাভ কৰিছিলো। কিন্তু এইবাৰ সমগ্ৰ ইটালীত লকডাউন সত্বেও এই সময়ছোৱাত আমি লাভ কৰিছো এনেধৰণৰ ১৮১ টা গোচৰ।’

তেওঁ জনোৱা মতে, লকডাউনৰ সময়ছোৱাত ইটালীৰ আৰক্ষীয়ে চাইল্ড পৰ্ণ’গ্ৰাফীৰ সৈতে জড়িত ১,০৮,১২৩ জিবি ডিজিটেল কণ্টেণ্ট জব্দ কৰিছে। এই পৰিমাণ হৈছে নেটফ্লিক্সৰ ৱেব ছিৰিজ 'হাউছ অব কাৰ্ডছ’ৰ আটাইকেইটা খণ্ডতকৈ ৫ গুণ অধিক। আনহাতে এই সময়ছোৱাত গড় হিচাপত পূৰ্বতকৈয়ো কম বয়সৰ অৰ্থাৎ ১০ বছৰৰ পৰা ১৩ বছৰৰ শিশুসকল অধিক নিৰ্যাতিত হোৱা বুলিও জনাইছে কিয়াৰ্ডিয়ে।  

কৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ মাজতে গোপনে বাঢ়িছে এই অপৰাধ

সমগ্ৰ বিশ্বৰ দেশসমূহৰ আৰক্ষী আৰু অনুসন্ধান সংস্থাসমূহে লাভ কৰা অনলাইন চাইল্ড পৰ্ণ’গ্ৰাফীৰ পৰিসংখ্যা আমেৰিকান অনুসন্ধান সংস্থা নেশ্যনেল চেণ্টাৰ ফৰ মিছিঙছ এণ্ড এক্সপ্লয়’টেড চমুকৈ এনচিএমইচিয়ে একত্ৰিত কৰি প্ৰতিবেদন আকাৰে প্ৰকাশ কৰে। এনচিএমইচিয়ে 'চাইবাৰটিপলাইন’ নামৰ এক সেৱাও আগবঢ়ায়। 

এই 'চাইবাৰটিপলাইন’-এ অনলাইন ছাৰ্ভিছ প্ৰভাইডাৰ সংস্থা যেনে মাইক্ৰ’ছফট, ফেচবুক, গুগল, টুইটাৰ, টিকটক আদিক আইন অনুযায়ী সমগ্ৰ বিশ্বতে সংঘটিত হোৱা অনলাইন চাইল্ড পৰ্ণ’গ্ৰাফীৰ অপৰাধ সম্পৰ্কে অৱগত কৰায়। ইয়াৰ লগতে উক্ত সংস্থাসমূহৰ জৰিয়তে এই অপৰাধ সন্দৰ্ভত সমীক্ষা চলায় এনচিএমইচিয়ে সকলোকে সতৰ্ক কৰি দিয়ে।

সংস্থাটোৱে জনোৱা মতে এই বছৰৰ মাৰ্চ মাহত প্ৰায়বোৰ দেশতে লকডাউন চলি থকাৰ সময়তে তেওঁলোকে অনলাইন চাইল্ড পৰ্ণ’গ্ৰাফীৰ সৈতে জড়িত কণ্টেণ্টক লৈ লাভ কৰিছে ২০ লাখৰো অধিক অভিযোগ। বিগত বৰ্ষৰ মাৰ্চ মাহত লাভ কৰা অভিযোগৰ তুলনাত এয়া হৈছে দুগুণ। এনে পৰিপ্ৰেক্ষিতত সংস্থাটোৰ উপ-সভাপতি জন চেহানে মন্তব্য আগবঢ়াইছে, 'এয়া এক নাটকীয় বৃদ্ধি।’

লকডাউন পিড’ফাইল চাৰ্কোলৰ বাবে সুবৰ্ণ সুযোগ নেকি?

শিশুৰ ওপৰত সংঘটিত যৌন নিৰ্যাতনৰ বিৰুদ্ধে বিগত ৩০ বছৰ ধৰি অভিযান চলাই অহা বেচৰকাৰী সংস্থা ইচিপিএটি ইণ্টাৰনেশ্যনেলৰ উপ কাৰ্যবাহী সঞ্চালক মেৰি ল’ৰে লেমিনুৰৰ মতে পিড’ফাইল চাৰ্কোলৰ লোকসকল হৈছে সম্পূৰ্ণৰূপে সুযোগ সন্ধানী। 'এনে লোকসকলে সহজতে সুযোগ গ্ৰহণ কৰাত সিদ্ধহস্ত। লকডাউনৰ সময়ছোৱাতেই বিশ্বত প্ৰথমবাৰৰ বাবে এনেদৰে পিড’ফাইল চাৰ্কোলৰ লোকসকল অধিক হাৰত একেলগে সক্ৰিয় হৈ উঠা দেখা গৈছে।’-লেমিনুৰে কয়।

লেমিনুৰৰ সৈতে সহমত পোষণ কৰিছে স্পেনিছ চাইবাৰ ক্ৰাইম অনুসন্ধান সংস্থাৰ বিষয়া ছেছিলিয়া কেৰিয়ানেও। তেওঁ কৈছে, 'পিড’ফাইল চাৰ্কোলৰ লোকসকলৰ মাজত ৩টা একে লক্ষণ দেখিবলৈ পোৱা যায়। প্ৰথমটো হৈছে এই চাৰ্কোলৰ ৯৯ শতাংশই পুৰুষ। এইসকলৰ মাজত শীৰ্ষ বিষয়া, চিকিৎসক, অধ্যাপকৰ পৰা আৰম্ভ কৰি সকলো বৃত্তিৰেই লোক আছে। একেদৰে ১৩ বছৰীয়া কিশোৰৰ পৰা একেবাৰে অৱসৰপ্ৰাপ্ত বৃদ্ধ লোকো এই চাৰ্কোলত দেখা পোৱাতো তেনেই সাধাৰণ কথা।’ 

'দ্বিতীয়টো হৈছে তেওঁলোকে অনলাইন প্লেটফ’ৰ্মত নিজৰ পৰিচয় সম্পূৰ্ণৰূপে গোপনে ৰাখি অপৰাধ সংঘটিত কৰাত সিদ্ধহস্ত। তৃতীয়তে এনে লোকসকলে ধৰা নপৰিবৰ বাবে অনলাইনযোগে কণ্টেণ্টসমূহ ডাউনলোড কৰি নিজৰ কম্পিউটাৰ বা হাৰ্ডডিস্কত মজুত কৰি ৰাখে।’-লকডাউনৰ সময়ছোৱাত ইণ্টাৰনেটত শিশুৰ ওপৰত সংঘটিত যৌন নিৰ্যাতনৰ ভিডিঅ’ৰ পয়োভৰ অধিক হৈছে বুলি আক্ষেপ প্ৰকাশ কৰি কেৰিয়ানে কয়।

আচল সমস্যা কেতিয়া হয়?

বিগত ১২ বছৰ ধৰি স্পেইনৰ আৰক্ষীৰ শিশু সুৰক্ষাৰ সৈতে জড়িত এগৰাকী বিষয়া ডেভিদ ৰেগৱেৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে পিড’ফাইল চাৰ্কোলৰ লোকসকলে নিজকে আৰক্ষীৰ পৰা বচাবলৈ চাইল্ড পৰ্ণ’গ্ৰাফী কণ্টেন্টসমূহ অনলাইনযোগে বাৰে বাৰে চোৱাৰ পৰিৱৰ্তে সেয়া নিজৰ কম্পিউটাৰ, হাৰ্ড ডিস্ক নাইবা মেম’ৰি কাৰ্ড আদিত মজুত কৰি ৰাখে বাবে সেয়া আতৰোৱাতো অসম্ভৱ হৈ পৰে। 

'সমস্যা হ’ল এনে কণ্টেণ্টসমূহ এবাৰ অনলাইনত আপলোড হোৱাৰ পিছতে চাৰ্কোলৰ লোকসকলে লগে লগে সেয়া ডাউনলোড কৰে আৰু নিজাকৈ সংৰক্ষণ কৰি থয়। কেইদিনমান পিছতে ৱেবছাইটসমূহে সেয়া ডিলিট কৰি পেলায় যদিও সৰ্বত্ৰে বিয়পি পৰে। ফলত এনে আপত্তিজনক কণ্টেণ্টৰ আদান-প্ৰদান বন্ধ কৰাতো আৰক্ষীৰ পক্ষে কঠিন হৈ পৰে, কাৰণ সেয়া ছাৰ্ভাৰত নহয়, মানুহৰ হাতে হাতে থাকে।’-ডেভিদে কয়।

শিশুসকল কেনেকৈ চিকাৰ হয়?

ডেভিদ ৰেগৱেৰৰ মতে বন্ধৰ দিনবোৰত সাধাৰণতে শিশুসকলে ইণ্টাৰনেটত অধিক সময় ব্যায় কৰে আৰু আত্মীয়-স্বজনৰ সৈতে কটায়। অনলাইনযোগে অপৰাধ সংঘটিত কৰা পিড’ফাইল চাৰ্কোলৰ লোকসকলে নিজেও অনলাইনত শিশুৰ বেশ ধাৰণ কৰি ভিডিঅ’ গেম আদিত ভাগ লয় আৰু টাৰ্গেট কৰি লোৱা শিশুটোক প্ৰথমে বিভিন্ন উপায়েৰে আকৰ্ষিত কৰে। যেতিয়াই শিশুটিয়ে লোকজনক বিশ্বাস কৰিবলৈ আৰম্ভ কৰে তেতিয়াই তেনে দুষ্টবুদ্ধিৰ লোকসকলে সহজতে নিজৰ উদ্দেশ্য কামনা কৰে।

'অপৰাধীসকলে শিশুটিক কেবাসপ্তাহ ধৰি ক’ব নোৱৰাকৈয়ে চাপত ৰাখে। প্ৰত্যক্ষ অনলাইন অপৰাধীসকলে টাৰ্গেট কৰা শিশুটিক অনলাইনযোগে বিভিন্ন প্ৰলোভন দি নগ্ন ফটো বা ভিডিঅ’ সংগ্ৰহ কৰে। আটাইতকৈ পৰিতাপৰ কথা এয়ে যে এনে গোচৰসমূহত আমি দেখিছো যে শিশুসকল আত্মীয়-স্বজনৰ দ্বাৰাই অধিক নিৰ্যাতিত হয়।’-ডেভিদৰ মন্তব্য।

এনে অপৰাধৰ বিৰুদ্ধে অভিযান চলোৱাৰ ক্ষেত্ৰত সুদীৰ্ঘ দিনৰ অভিজ্ঞতাৰে পৰিপুষ্ট ডেভিদে আৰু কয়, 'বিশ্বৰ যিমানবোৰ দেশতে শিশুৰ ওপৰত যৌন নিৰ্যাতন সংঘটিত হয় সেইবোৰৰ অধিকাংশই সংঘটিত কৰে শিশুটিৰ আত্মীয়ই। সেয়া হয়তো শিশুটিৰ খুৰাক, মোমায়েক, ওচৰ-চুবুৰীয়া আনকি ভাতৃ বা পিতৃও হ’ব পাৰে। এনে লোকসকলে নিৰ্যাতনৰ ভিডিঅ’ সংগ্ৰহ কৰি সেয়া চাৰ্কোলৰ আনসকলকো প্ৰেৰণ কৰে আৰু এনেকৈয়ে সেয়া গৈ ইণ্টাৰনেট পায়। লকডাউনত শিশুসকল ঘৰতে আৱদ্ধ হৈ আছে বাবে এনে অপৰাধীৰ টাৰ্গেট সহজ হৈ পৰিছে। সেয়ে এই সময়ছোৱাত এনে ঘটনা সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে।’

ভাৰতত লকডাউনত চাইল্ড পৰ্ণগ্ৰাফ চোৱা লোকৰ সংখ্যা ৯৫ শতাংশ বৃদ্ধি

লকডাউনৰ সময়ত ভাৰততো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে  পিড’ফাইল চাৰ্কোলৰ সক্ৰিয়তা। নবেলজয়ী কৈলাশ সত্যৰ্থীৰ পুত্ৰ ভূৱন ৰিভুৰ শিশুৰ সৈতে জড়িত সংস্থা 'ইণ্ডিয়া চাইল্ড প্ৰটেকশ্যন ফাণ্ড’ চমুকৈ আইচিপিএফে জনোৱা মতে এই সময়ছোৱাত ভাৰতত ইণ্টাৰনেটত চাইল্ড পৰ্ণ, ছেক্সি চাইল্ড, টীন ছেক্স ভিডিঅ’ আদিৰ দৰে কিৱৰ্ডৰ ছাৰ্চ আৰু ডাউনলোড পূৰ্বৰ তুলনাত ৯৫ শতাংশ পৰ্যন্ত পৃদ্ধি পাইছে।

'পৰ্ণ ৱেবছাইট বিশ্বৰ অধিকাংশ দেশতে নিষিদ্ধ নহয়। কিন্তু চাইল্ড পৰ্ণগ্ৰাফী সমগ্ৰ বিশ্বতে নিষিদ্ধ। চাইল্ড পৰ্ণগ্ৰাফী প্ৰকৃততেই এক জঘন্য অপৰাধ। কিন্তু আমি মন কৰিছো যে লকডাউনৰ সময়ত অন্য দেশসমূহতকৈও ভাৰতত চাইল্ড পৰ্ণগ্ৰাফী চোৱা লোকৰ সংখ্যা সাধাৰণ দিনৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পৰা এয়াই প্ৰমাণিত হয় যে ভাৰতত পিড’ফাইল চাৰ্কোলৰ সক্ৰিয়তা ভবাতকৈয়ো অধিক।’-এইদৰে কয় আইচিপিএফৰ এগৰাকী শীৰ্ষ বিষয়াই।

ডেক্কান হেৰাল্ডত প্ৰকাশিত এটি বাতৰিত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ উধৃতিৰে কোৱা হৈছে যে লকডাউনৰ সময়ছোৱাত মুম্বাইৰ লগতে ৰাজ্যখনৰ প্ৰায় প্ৰতিখন প্ৰধান চহৰতে চাইল্ড পৰ্ণগ্ৰাফী ডাউনলোডৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। এনে ঘটনা ৰোধ কৰিবলৈ মহাৰাষ্ট্ৰ আৰক্ষীৰ চাইবাৰ চেলক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে বুলিও সদৰী কৰে গৃহমন্ত্ৰী দেশমুখে। তেওঁ আৰু কয় যে লকডাউনৰ সময়ত ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত শিশুৰ ওপৰত সংঘটিত যৌন নিৰ্যাতনৰ মুঠ ১৩৩ টা গোচৰ ৰুজু কৰা হৈছে ২৯২ গৰাকী শিশুক নিৰ্যাতনকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে।

মহাৰাষ্ট্ৰৰ মুম্বাইৰ দৰেকৈ দিল্লী, পশ্চিমবংগৰ কলকাতা, কৰ্ণাটকৰ বাংগালুৰু, তামিলনাডুৰ চেন্নাই আদিৰ দৰে দেশৰ প্ৰায়বোৰ প্ৰধান চহৰতে লকডাউনৰ সময়ছোৱাত চাইল্ড পৰ্ণগ্ৰাফী ডাউনলোডৰ সমান্তৰালভাৱে প্ৰত্যক্ষভাৱে শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা সাধাৰণ দিনৰ তুলনাত অধিক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বুলি জনাইছে আইচিপিএফে।