ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাত এখন ৰেলৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, সোমবাৰে সন্ধিয়া ডিব্ৰুগড় বাণিপুৰ ৰেলৱে ষ্টেছনত অমৃতসৰ এক্সপ্ৰেছ নামৰ ৰেলখনৰ এটা ডবাৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ৷
গৰাকীবিহীন এই অস্ত্ৰ-শস্ত্ৰসমূহ ৰেল আৰক্ষীৰ তালাচীত উদ্ধাৰ হয়। ১৫৯৩৪ নম্বৰৰ অমৃতসৰৰ পৰা আহি ডিব্ৰুগড় বাণিপুৰ ৰেলৱে ষ্টেছনত ৰখোৱাৰ পিছতে ৰেলৱে কৰ্মচাৰীয়ে চাফাই কৰি থকা সময়তে প্ৰত্যেক্ষ কৰে এই অস্ত্ৰ-শস্ত্ৰসমূহ। ইয়াকে কেন্দ্ৰ কৰি ৰেলৱে কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে। লগে ৰেলৱে আৰক্ষী আৰু ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ