ৰঙিয়াঃ মৰমৰ স্কুল খনক চিৰবিদায় দি কান্দিছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ পাঠদান কৰি থকাৰ সময়তে হঠাতে বিদ্যালয় খনৰ পৰা বিদায় ল’ব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে৷ যাৰ বাবে ইনাই-বিনাই কান্দিছে তেওঁলোকে৷ তেঁওলোকৰ পঢ়ি থকা স্কুলখন বন্ধ কৰি দিলে চৰকাৰে৷ এবাৰ ভাবক তাত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ অৱস্থা কি হ’ব৷ তেওঁলোকে ইনাই-বিনাই কন্দাৰ বাহিৰে তেওঁলোকৰ হাতত আন উপায় নাথাকিব৷ চৰকাৰ মহাৰাজৰ আদেশ পালন কৰিব লাগিব অন্যথাই আন পন্থা অৱলম্বন কৰি হ’লেও বন্ধ কৰিব স্কুল খন৷
