ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ ৰাষ্ট্ৰীয় নিউজ চেনেল আজটকত দিয়া এটি সাক্ষাৎকাৰত দেশত শান্তি সম্প্ৰতিৰ কথা কৈ অহা আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে অযোধ্যাৰ বিবাদ শীঘ্ৰে নিস্পত্তি নহ’লে দেশত ছিৰিয়া সদৃশ পৰিস্থিতি হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰে৷
তেওঁ আৰু কয় দেশত এনে কিছু লোক আছে যিয়ে সংঘৰ্ষ সৃষ্টি কৰি নিজৰ অস্তিত্ব জীয়াই ৰাখিব খোজে৷ তেওঁলোকৰ জৰিয়তে কাম নকৰিব৷ শান্তিত থাকিব দিয়ক৷ আমাৰ দেশ ছিৰিয়াৰ দৰে কৰিব নালাগে৷ এনে পৰিৱেশ ইয়াত হ’লে সকলো ধ্বংস হৈ যাব৷ অযোধ্যাৰ গোচৰ নিস্পতি নহ’লে দেশ ছিৰিয়াৰ দৰে হ’ব৷