গুৱাহাটীঃ HealthDNA, Mintlime আৰু Nerusedৰ উদ্যোগত নাৰায়ণা ছুপাৰ স্পেছিয়েলিটি হাস্পতালৰ সহযোগত শনিবাৰে কামপুৰস্থিত কামেশ্বৰ বৰঠাকুৰ এম ভি স্কুলত স্বাস্থ্য সজাগতা তথা পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়৷

কামপুৰৰ দৰে পিছপৰা অঞ্চলত দেশৰ উল্লেখযোগ্য চিকিৎসা প্ৰতিষ্ঠানৰ বিশিষ্ট চিকিৎসকৰ সেৱা লাভ কৰি স্থানীয় ৰোগীসকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে HealthDNA আৰু Nerusedৰ এই উদ্যোগক আদৰণি জনায়৷

এই স্বাস্থ্য শিবিৰত কামপুৰীয়া ৰাইজৰ উপস্থিতি আৰু সহযোগিতাত আনন্দিত HealthDNAৰ প্ৰজেক্ট হেড মনালিছা গগৈ৷

বিশ্বমানৰ চিকিৎসকৰ চিকিৎসা কামপুৰত উপলব্ধ কৰাৰ উদ্দেশ্যে Nerused নামৰ এন জি অ’ৰ সহযোগত এটা HealthDNAৰ চেণ্টাৰ মুকলিৰ কৰাৰ সিন্ধান্তৰ বিষয়ে সংবাদমাধ্যমক অৱগত কৰে মনালিছা গগৈয়ে৷