newsnextone.com | গুৱাহাটীঃ ক্ষোভৰ জুই জ্বলিছে ৰাজ্যত৷ দুজনকৈ নিৰীহ যুৱকক সোপাধৰা বুলি হত্যা কৰা কাৰ্যক সহজে লব পৰা নাই অসমবাসীয়ে৷ সমাজৰ সৰ্ব প্ৰকাৰৰ লোকে ধিক্কাৰ দিছে এনে অমানবীয় কাণ্ডক৷ শিশু অপহৰণ কৰিব যোৱা বুলি সন্দেহ কৰি এখন গাঁৱৰ লোকে আগুৰি ধৰি বৰ্বৰ ভাবে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে দেওবাৰে ছচিয়েল মিডিয়াত জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক৷
শনিবাৰৰ নিশাৰে পৰা একাংশ লোকে হোৱাটছএপৰ গ্ৰুপ, ফেচবুক, টুইটাৰত প্ৰবল প্ৰচাৰ চলাই সকলোকে ওলাই আহি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়৷ এই আহ্বানক সঁহাৰি জনাই গুৱাহাটী মহানগৰীৰ কেইবাখনো হোষ্টেলৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, বিভিন্ন দল-সংগঠনৰ নেতা ওলাই আহি ন্যায় বিচাৰে৷ এই গোচৰৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ’ব লাগে বুলি দাবী জনায়৷