গুৱাহাটীঃ ফিফা অনূৰ্ধ্ব-১৭ ৰ সূচী ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে গুৱাহাটীৰ লগতে সমগ্ৰ অসমবাসী। কিয়নো দেওবাৰে জেইম য়াৰ্জাৰ নেতৃত্বত অসমলৈ অহা ফিফাৰ নিৰীক্ষকৰ দলটোৱে গুৱাহাটীৰ প্ৰস্তুতিক লৈ সন্তুষ্টি ব্যক্ত কৰাৰ পিছতেই আজি পুনৰ এক ভাল খবৰ দিছে ফিফাই। 

ভাৰতৰ চাৰিখন দিল্লী, গোৱা, কোচিন আৰু মুম্বাই চহৰ পৰিদৰ্শন কৰাৰ পিছত আজি ঘোষণা কৰামতে যুৱ বিশ্বকাপৰ চেমি ফাইনেল খেলখন অনুষ্ঠিত কৰাৰ গৌৰৱ অৰ্জন কৰিছে গুৱাহাটীয়ে। 

গুৱাহাটী চহৰখনৰ আন্তগাঁথনি ফিফা বিশ্বকাপৰ বাবে উপযুক্ত বুলি ফিফাৰ হেড অব দি ইভেণ্টচ জেইম য়াৰ্জাই বিবেচনা কৰাৰ পিছতেই আজি এই কথা ঘোষণা কৰিছে ফিফাই। তদুপৰি নাৱি মুম্বাইতো চেমি ফাইনেল খেল অনুষ্ঠিত কৰা হ’ব বুলি জানিবপৰা গৈছে। 

অহা ২৮ অক্টোবৰত কলকাতাৰ ঐতিহাসিক চল্ট লেক ষ্টেডিয়ামত যুৱ বিশ্বকাপৰ চুড়ান্ত খেলখন অনুষ্ঠিত হ’ব। উদ্ভোধনী খেলখন ৬ অক্টোবৰত নাৱি মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত হ’ব।  

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ ভূমিকাত আনন্দিত হোৱা বুলি মন্তব্য কৰিছিল জেইম য়াৰ্জাই। গুৱাহাটীৰ প্ৰস্তুতি দেখি সেয়া অসাধাৰণ বুলি দেওবাৰে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছিল নিৰীক্ষকৰ দলটোক নেতৃত্ব প্ৰদান কৰা জেইমে।