কোকৰাঝাৰঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিটিচিৰ উন্নয়নৰ বাবে ঘোষণা কৰা ১০০০কোটি টকাৰ পেকেজৰ অন্তৰ্ভূক্ত ২০খন অাঁচনিৰ অাধাৰশিলা অাজি একেদিনাই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰি একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰে। কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অাঁচনিৰ অধীনত লাভ কৰা ১০০০ কোটি টকা পেকেজৰ ভিতৰত অন্তৰ্ভুক্ত প্ৰতিমা পাণ্ডে বৰুৱা সাংস্কৃতিক প্ৰকল্প কেন্দ্ৰ নিৰ্মাণৰ অাধাৰশিলা অাজি পোনপ্ৰথমে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অানুষ্ঠানিকভাৱে স্থাপন কৰে।
অাজি পুৱা ৯:০০বজাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গৌৰীপুৰস্থিত মহামায়া খেলপথাৰত কেবা শতাধিক ৰাইজৰ উপস্থিতিত অানুষ্ঠানিকভাৱে প্ৰতিমা পাণ্ডে বৰুৱা সাংস্কৃতিক প্ৰকল্প কেন্দ্ৰ নিৰ্মাণৰ অাধাৰশিলা স্থাপন কৰে।