66
ওদালগুৰিঃ বিটিএডিত বিজেপিৰ নেতা-কৰ্মীয়ে হিতাধিকাৰীৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ নামত ধন লৈছে৷ এই অভিযোগ উত্থাপন কৰিছিল খোদ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷
বুধবাৰে মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ বিছমুৰী বজাৰত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰি বিজেপিৰ নেতা-কৰ্মীয়ে ধন লোৱাৰ অভিযোগ উত্থাপন কৰে৷ বিজেপি কৰ্মীয়ে দুখীয়া ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা বিষয়টো ইতিমধ্যে বিজেপিৰ ৰাজ্যিক নেৰ্তৃবৰ্গক অৱগত কৰা হৈছে বুলিও সদৰি কৰিছিল মহিলাৰীয়ে৷