ৰঙিয়াঃ ৰঙিয়া মহকুমা হজ সমিতিয়ে দেওবাৰে হজ যাত্ৰীক সম্ভাষণ তথা শুভেচ্ছা জনায়৷ ৰঙিয়া মহকুমা হজ সমিতিৰ উদ্যোগত আৰু হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সহযোগত অনুষ্ঠিত এটি অনুষ্ঠানত ৰঙিয়া অঞ্চলৰ হজ যাত্ৰীক সম্ভাষণ তথা শুভেচ্ছা জনায়।
ৰঙিয়া আশ্ৰাফিয়া হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত দিনৰ দুই বজাৰ পৰা ৰঙিয়াৰ মহকুমাৰ মহকুমাধিপতি তথা মহকুমা হজ সমিতিৰ সভাপতি মুনীন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰঙিয়াৰ ৪৬ গৰাকী হজ যাত্ৰীক ফুলাম বিভিন্ন লোকে শুভেচ্ছা যাচে।