লাহোৱালঃ অসম লেখিকা সন্থাৰ বাৰ্ষিক অধিৱেশন ২৭-২৯ ডিচেম্বৰত টেঙাখাত মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিবেশন সূচাুৰুৰূপে পৰিচালনাৰ্থে পৰিচালনা সমিতি গঠন কৰি ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
অধিবেশনৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা ভিত্তিত গল্প, কবিতা, প্ৰৱন্ধ লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰচনাৰ বিষয়- ‘শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক দিশত নাৰীসকলৰ ভূমিকা’ শীৰ্ষক প্ৰৱন্ধ এহেজাৰ শব্দৰ ভিতৰত লিখিব লাগিব।