117
বাঘবৰঃ ৰাইজে সাজিলে বাহৰ ৰং-চঙীয়া দলং৷ বৰপেটা জিলাৰ বাঘবৰৰ মিলিজুলিত ৰাইজে ক্ষোভেৰে সাজিলে এই ব্যতিক্ৰমী বাহৰ দলংখন। ৰাইজে গাঁঠিৰ ধন ভাঙি দুয়োকাষে ৰেলিং দি সাজিলে দলংখন।
দীৰ্ঘ দিনে চৰকাৰ তথা বিধায়ক শ্বেৰমান আলীয়ে দলং খন নিৰ্মাণত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তোলা বাঘবৰৰ মিলিজুলি ৰাইজে নিজৰ ধন খৰচৰ কৰি তথা ঘৰে ঘৰে বাঁহ তুলি নিৰ্মাণ কৰা দলংখনৰ দুয়োকাষে ৰেলিং দি চুণ-তেল সানি চালে চকুৰোৱা কৰি তোলে।