Home অন্যান্য খবৰমানৱতাই ধৰ্মঃ মঙলদৈত হজ যাত্ৰীক শুভেচ্ছা

মানৱতাই ধৰ্মঃ মঙলদৈত হজ যাত্ৰীক শুভেচ্ছা

by News Desk
57 views
A+A-
Reset

মঙলদৈঃ দৰং জিলাৰ পৰা পবিত্ৰ মক্কাত হজলৈ যাব লগা হজ যাত্ৰী সকলক দেওবাৰে দৰং জিলাৰ বিভিন্ন দল-সংগঠনে সম্ভাষণ তথা শুভেচ্ছা যাঁচে৷ দৰং জিলাৰ মঙলদৈৰ য়ুথ ক্লাৱত অনুষ্ঠিত এখন সভাত ৪৭ গৰাকী হজ যাত্রীক সম্ভাষণ তথা শুভেচ্ছা জ্ঞাপন কৰিবলৈ সভা খনত উপস্থিত থাকে শিক্ষাবিদ নগেন্দ্ৰ নাথ শৰ্মা, প্ৰক্তন মন্ত্ৰী কংগ্ৰেছ নেতা বসন্ত দাস, প্ৰক্তন সাংসদ মাধৱ ৰাজবংশী, বিশিষ্ট উদ্যোগপতি ৰাজীব ডেকা, সাংবাদিক দ্বীপেন কোৱৰকে ধৰি ভালেকেইজন লোক। 

বিভিন্ন জাতি-জনগোষ্ঠিৰ লোকসকলে হজ যাত্রীক সম্ভাষণ তথা শুভেচ্ছা জ্ঞাপন কৰাৰ ফলত হিন্দু-মুছলমানৰ মাজত থকা একতা ভাতৃত্ববোধৰ এনাজৰী ডাল আৰু অধিক কটকটীয়া হ’ব বুলি মতপোষণ কৰে উপস্থিত লোকসকলে৷ সভাখনত উপস্থিত থকা এগৰাকী মৌলবীয়ে হিন্দু ধৰ্মৰ মন্ত্র, গায়ত্ৰী মন্ত্র আওৰাই বিশ্লেষণ কৰে মানৱতা সকলোতকৈ ডাঙৰ ধৰ্ম বুলি কয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0