গোলাঘাট, ৮ আগষ্ট : গোলাঘাট জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত কালি সপ্তম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় । এই উপলক্ষে জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক ম: ফকৰুদ্দিন আহমেদৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় ।
সভাত গোলাঘাট (সদৰ)ৰ মহকুমাধিপতি শ্ৰীযুতা সংগীতা বৰঠাকুৰ আৰু জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক শ্ৰী উমেশ কুমাৰ উপস্থিত আছিল । নিজৰ ভাষণত মহকুমাধিপতি গৰাকীয়ে ভাৰতত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ইতিহাস, প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ত ইয়াৰ বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ।