46
হৰিশিঙাঃ নিজ হৰিশিঙা পানী যোগন আঁচনি খন বিগত বহু বছৰ ধৰি বিকল হৈ থকাৰ ফলত গাঁওবাসীয়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা বুলি জানিবপৰা গৈছে৷
পানী যোগন আঁচনিখন থকাৰ পাছতো ৰাইজে গাঁঠিৰ ধন ভাঙি কুঁৱা, দমকল বহুৱাই পানী খাবলগীয়া হৈছে৷ কুঁৱা, দমকলৰ পানী খোৱাৰ অনুপযোগী হোৱাত বহু লোক নানা ৰোগত আক্ৰান্ত হৈছে।