তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ দিঘিলিপাৰস্থিত কাৰ্গিল ওৱেৰিৰ সেনা চাউনিত ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজন, অসম মেডিকেল কলেজ এলুমিনি এছোচিয়েচন আৰু একাডেমিক ফ’ৰাম, গুৱাহাটী ৰ যৌথ উদ্যোগত আৰু তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ লগতে আশাদৰ্শন ট্ৰাষ্ট(তামুলপুৰ)ৰ সহযোগত আজি এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।
তামূলপুৰস্থিত সেনাৰ ৰেড হৰ্ন ডিভিনৰ সেনা বিষয়া কৰ্ণেল অনিমেশ ঝাৰ তত্বাৱধানত ৰাতিপুৱা ১০ বজাত অনুষ্ঠিত এই চিকিৎসা শিবিৰত চিকিৎসা বিশেষজ্ঞ ডঃ নিৰ্মল কুমাৰ বেৰীয়াল, ডঃ লুটফুৰ ৰহমান, ডঃ গীতা খাউণ্ড, ডঃ নৱজ্যোতি দত্ত, ডঃ ধীৰেণ চহৰীয়া,ডঃ বিভা দেৱী, ডঃ উদয়ন কটকী, ডঃ দামোদৰ দাসৰ উপৰিও কেইবাজনো চিকিৎসা সহায়ক উপস্থিত থাকি বৃহত্তৰ তামুলপুৰ অঞ্চলৰ তিনি শতাধিক লোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও ৰোগী সকলৰ মাজত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।