নাওকাটাঃ ৰোগাক্ৰান্ত পুত্ৰক বিছনাত শুৱাই উৰুখা পজাত দিন অতিবাহিত কৰা এটি পৰিয়ালক ৰাইজে বান্ধি দিলে ঘৰ। বছৰ ভছৰ ধৰি ৰোগাক্ৰান্ত পুত্ৰক সুশ্ৰুষাৰ নামত জীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনি পাৰ কৰা দৰিদ্ৰ পৰিয়ালটোৰ থাকিবলৈ নাছিল এটা গৃহ। কেইখনমান টিনেৰে এটি উৰুখা পজাত থকা পৰিয়ালটোৰ ৰোগীয়া পুত্ৰই কেইদিনমান পূৰ্বে মৃত্যুক অাকোৱালি লয়।
বিটিচিৰ ইএম, জিএম, ভিচিডিচিৰ অধ্যক্ষক খাটনি ধৰি এটি চৰকাৰী ঘৰ পাবলৈ সক্ষম নোহোৱা গোৰেশ্বৰ ৰাজহ চক্ৰৰ পূৱ নাওকাটা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালটোক ৰাইজে এটি দান-বৰঙণি তুলি এটি গৃহ নিৰ্মান কৰি দিয়ে।পৰিয়ালটোৰ মুৰব্বী কৰ্ম কলিতাই (৫০) নাওকাটা চাৰিআলিত চাহৰ হোটেলত কাম কৰি কোনো মতে পৰিয়ালটো চলায়। পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান উদ্ভৱ কলিতাৰ (২১) যোৱা ১৩ এপ্ৰিলত মৃত্যু হয়।